• কাবুলত নতুন গৱৰ্নৰ নিযুক্তি তালিবানৰ

    আন্তঃৰাষ্ট্ৰীয়
    কাবুলত নতুন গৱৰ্নৰ নিযুক্তি তালিবানৰ

    আফগানিস্তানঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত ৰাজধানী কাবুলত নতুন ৰাজ্যপাল নিযুক্ত কৰিছে। কাটাৰত তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ দ্বাৰা জাৰী কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে। জানিবলৈ পোৱা মতে, মৌলবী আব্দুৰ ৰহমান মনচুৰক কাবুলৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে, তেওঁৰ পিতৃ মৌলবী নছৰুল্লাহে আফগানিস্তানৰ যুদ্ধত প্ৰাণ হেৰুৱাইছিল।






    শাসনৰ দ্বায়িত্বভাৰ গ্ৰহণৰ পাছতে মৌলবী মনচুৰৰ মন্তব্য, ‘ৰাজধানী কাবুলৰ পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। বিভিন্ন বাসগৃহ আৰু দোকান-পোহাৰত লুণ্ঠনকাৰ্য চলাই থকা দুৰ্বৃত্তসকলক আটক কৰিবলৈ দ্ৰুত অভিযান আৰম্ভ কৰা হৈছে।’ জানিবলৈ পোৱা মতে, তালিবানে কাবুলৰ বাসিন্দাসকলৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। শেহতীয়াকৈ তালিবানে যুঁজাৰুসকলক কাৰো বাসগৃহত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ দিছে।