• কাবুলত বিমানৰ পৰা পৰি আফগান ফুটবলাৰৰ মৃত্যু

    আন্তঃৰাষ্ট্ৰীয়
    কাবুলত বিমানৰ পৰা পৰি আফগান ফুটবলাৰৰ মৃত্যু

    কাবুলঃ কাবুল বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বিমানৰ পৰা পৰি আফগান ৰাষ্ট্ৰীয় দলৰ ফুটবলাৰ জাকি আনৱাৰীৰ মৃত্যু হয়। ৰয়টাৰ্ছে শেহতীয়াকৈ আফগান সংবাদ সংস্থা আৰিয়ানাৰ বাৰাটত এই খবৰ প্ৰকাশ কৰিছে। উল্লেখ্য যে, গণতান্ত্ৰিক চৰকাৰক অগণতান্ত্ৰিক পন্থাৰে ক্ষমতাচ্যুত কৰি তালিবান বাহিনীয়ে কাবুল দখল কৰিছিল।





    তালিবানী উপদ্ৰৱৰ বাবে পৰৱৰ্তী সময়ত শ শ আফগানে কাবুলৰ হামিদ কাৰজাই বিমান বন্দৰত দেশৰ পৰা পলায়নৰ বাবে অভাৱনীয় জনসমাগমৰ সৃষ্টি হয়। জীৱনৰক্ষাৰ বাবে বিমানখনৰ লেণ্ডিং গিয়াৰত লাগি আফগানিস্তানৰ পৰা পলায়ন কৰিব বিচাৰিছিল একাংশই। তেওঁলোকৰ ভিতৰত আছিল এজন ১৭বছৰীয়া যুৱ-ফুটবলাৰ।






    সংবাদ সংস্থা ‘আৰিয়ানা’ৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বোয়িং চি-১৭ বিমানৰ পৰা পৰি জাকি আনৱাৰীৰ মৃত্যু হয়। আফগানিস্তানৰ ক্ৰীড়া সাধাৰণ সঞ্চালক প্ৰধানে ৰাষ্ট্ৰীয় দলৰ যুৱ ফুটবলাৰজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।