comScore
  • কাবুলৰ কাষ চাপিছে তালিবান, বিভিন্ন দেশে আঁতৰাই নিছে নাগৰিকক

    আন্তঃৰাষ্ট্ৰীয়
    কাবুলৰ কাষ চাপিছে তালিবান, বিভিন্ন দেশে আঁতৰাই নিছে নাগৰিকক

    কাবুল : ক্ৰমাৎ অধিক অৱনতি ঘটিছে আফগানিস্তানৰ পৰিস্থিতিৰ। তালিবান সন্ত্ৰাসবাদীয়ে আগ্ৰাসন অধিক বৃদ্ধি কৰিছে দেশখনত। দেশখনৰ এক তৃতীয়াংশ দখল কৰিছে তালিবানে। কান্দাহাৰকে ধৰি বহু গুৰুত্বপূৰ্ণ চহৰ দখল কৰাৰ পাছত এইবাৰ দেশখনৰ ৰাজধানী মহানগৰ কাবুলৰ কাষ চাপিছে তালিবান বাহিনী। তালিবানৰ এই প্ৰায় অপ্ৰতিৰোধ্য আগ্ৰাসনৰ সন্মুখত থৰকাছুটি হেৰুওৱা আফগান বাহিনীয়ে ক্ৰমাৎ পশ্চাদগমন কৰিবলৈ বাধ্য হৈ পৰিছে।





    আফগানিস্তানৰ পৰা নিজ দেশৰ নাগৰিক তথা বিষয়া-কৰ্মচাৰীক আঁতৰাই নিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিভিন্ন দেশ। মাৰ্কিন মেৰাইন সৈন্যই মাৰ্কিন নাগৰিকসকলক নিজ দেশলৈ ঘূৰাই লৈ যোৱাৰ প্ৰক্ৰিয়াৰ তত্তাৱধান কৰিবলৈ আফগানিস্তানত উপস্থিত হৈছে। আফগান বাহিনীৰ দুৰ্বল প্ৰতিৰোধ আঁতৰাই কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ আঁতৰত অৱস্থান কৰিছে তালিবান সন্ত্ৰাসবাদী। দেশখনৰ দ্বিতীয় আৰু তৃতীয় সৰ্ববৃহৎ মহানগৰ দুখন তালিবানৰ দখললৈ যোৱাৰ পাছত কাবুল ৰক্ষা কৰাটোও আফগান বাহিনীৰ বাবে হৈ পৰিছে প্ৰৱল প্ৰত্যাহ্বান।





    বিভিন্ন দেশে আফগানিস্তানত থকা তেওঁলোকৰ নাগৰিকক এয়াৰ লিফ্ট কৰি আঁতৰাই নিবলৈ আৰম্ভ কৰিছে। ৩০০০ মাৰ্কিন সেনাই বিমানবন্দৰক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্থানান্তৰ প্ৰক্ৰিয়াৰ তদাৰক কৰি আছে। ইফালে, কাবুল থকা মাৰ্কিন বিষয়া তথা কূটনীতিকসকলক স্পৰ্শকাতৰ নথি-পত্ৰ জ্বলাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। বৃটেইন, জাৰ্মানী, ডেনমাৰ্ক আৰু স্পেইন আদি ইউৰোপীয় দেশে তেওঁলোকৰ দূতাবাসৰ পৰা বিষয়াবৰ্গক শুকুৰবাৰে আঁতৰাই নিয়ে।






    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam