National
কাবুলঃ কাবুলৰ পৰিস্থিতি এতিয়াও অস্বাভাৱিক। তাৰ মাজতে এটাৰ পাছত আনটো উদ্বেগজনক খবৰে বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে। কাবুল বিমান বন্দৰত বিশৃংখলতাৰ মাজতে সোমবাৰে অচিনাক্ত বন্দুকধাৰীৰ সৈতে হোৱা গুলীচালনাত এজন আফগান নিৰাপত্তাৰক্ষী নিহত হয় আৰু আন তিনিজন আহত হয়। সোমবাৰে পুৱা এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ পোৱা গৈছে।
প্ৰতিবেদন অনুসৰি সোমবাৰে পুৱা কাবুল বিমান বন্দৰৰ উত্তৰ গে’টত সংঘৰ্ষৰ সময়ত আফগান নিৰাপত্তাৰক্ষী এজন নিহত হয় আৰু আন তিনিজন আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মান সৈন্যই আফগান নিৰাপত্তা কৰ্মীসকলক সুৰক্ষা দিবলৈ আগবাঢ়ি অহাৰ পাছত বন্দুকধাৰীসকলে মাৰণাস্ত্ৰ প্ৰত্যাহাৰ কৰে।
দেওবাৰে বিমান বন্দৰৰ গে’টৰ সন্মুখত হোৱা হতাহতিত ৭জন লোক নিহত হৈছিল। তালিবান আৰু নাটোৱে সদৰী কৰা মতে, ১৫ আগষ্টত তালিবানে কাবুল নিয়ন্ত্ৰণ কৰাৰ পাছত কেৱল বিমান বন্দৰতে ২০জন লোক নিহত হৈছিল। অচিনাক্ত বন্দুকধাৰীৰ সৈতে হোৱা শেহতীয়া গুলীয়াগুলীৰ খবৰ জাৰ্মান সেনাই টুইটাৰৰ জৰিয়তে জানিবলৈ দিছে।
Leave A Comment