International
ডিজিটেল ডেস্কঃ ‘হাইবাটুল্লাহ আখুনজাদা হ’ব নতুন আফগান চৰকাৰৰ মুৰব্বী’। তালিবানৰ মুৰব্বীগৰাকীয়েই আফগান চৰকাৰৰো মুৰব্বী হ’ব বুলি শেহতীয়াকৈ ঘোষণা আগবঢ়াইছে আনামুল্লাহ ছামাংগানী নামৰ তালিবান সাংস্কৃতিক কমিছনৰ এগৰাকী সদস্যই। তেওঁ কয় যে নতুনকৈ গঠন হ’বলগীয়া ইছলামিক চৰকাৰখন হ’ব জনতাৰ চৰকাৰ। এই সন্দৰ্ভত ঘোষণা আগবঢ়াই তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ শীৰ্ষ নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাই কয় যে ইছলামিক আমিৰতে অহা দুদিনৰ ভিতৰত সকলোকে সামৰি লৈ এখনি চৰকাৰ গঠন কৰিব।
তদুপৰি তালিবানৰ আন এগৰাকী শীৰ্ষ নেতা আহমেদুল্লাহ মুত্তকীয়েও ছ’চিয়েল মিডিয়াত কয় যে কাবুলৰ ৰাষ্ট্ৰপতি ভৱনত নতুন চৰকাৰৰ গঠনৰ মুহূৰ্তত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।
খবৰ অনুসৰি মোল্লা আব্দুল গনি বাৰাদাৰ নৱগঠিত চৰকাৰৰ দৈনন্দিন কাৰ্য-কলাপৰ দায়িত্বত থকাৰ সম্ভাৱনা আছে। আনহাতে চিৰাজুদ্দিন হাক্কানি অথবা মোল্লা য়াকুব হ’ব ‘ৰইজ উল ৱাজাৰা’ যি পদৰ মৰ্যাদা প্ৰধানমন্ত্ৰীৰ সমতুল্য।
পূৰ্বতে প্ৰচাৰিত খবৰ অনুসৰি তালিবানে দেশৰ শাসন সম্পাদন কৰিবলৈ এক ১২জনীয়া পৰিষদ গঠন কৰিব। এই খবৰো ওলাইছিল যে আফগানিস্তানৰ সেনাবাহিনীক দায়িত্বত বাহাল ৰাখি তালিবানে নিজা যোদ্ধাসকলক আফগান সেনাৰ অন্তৰ্ভুক্ত কৰিব। আকৌ মোল্লা হাকিম হ’ব তালিবানৰ মুখ্য ন্যায়াধীশ।
উল্লেখ্য যে শাসনলৈ আহিয়েই তলিবানে আফগানিস্তানৰ ত্ৰিৰংগ পতাকা সলনি কৰি বগা বৰণৰ এখনি পতাকা ৰাষ্ট্ৰীয় পতাকাক হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আকৌ দেশৰ সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যাব পৰিৱৰ্তন। কাজেই আহি থকা দিনত আফগনিস্তানত নিজৰ আধিপত্যত সাংবিধানিক ছীল-মোহৰ মাৰিবলৈ বিচৰা তালিবানী শক্তিয়ে জনতাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয় নে এয়া এক ‘ডি ফেক্ট’ চৰকাৰ হৈ ৰয়, সেয়াহে হ’ব লক্ষ্যণীয়।
Leave A Comment