Regional
Assam CM Himanta Biswa Sarma went to the construction site this morning to inspect the progress...
কাঠমাণ্ডু : বিভিন্ন দেশৰ সীমা অতিক্ৰম কৰি পৃথিৱীৰ সৰ্বোচ্চ শৃংগত এইবাৰ কৰ’না ভাইৰাছ। তথ্য অনুসৰি, নৰ’ৱেৰ এগৰাকী পৰ্বতাৰোহী ক’ভিড পজিটিভ চিনাক্ত হৈছে। ফলত, অন্য পৰ্বতাৰোহীসকলো ক’ভিড পজিটিভ হোৱাৰ আশংকা কৰা হৈছে।
আৰু পঢ়িব পাৰিব: চৌদি আৰবৰ নতুন পাঠ্যক্ৰমত ৰামায়ণ, মহাভাৰত অন্তৰ্ভুক্ত
জানিব পৰা মতে, নৰ’ৱেৰ এই পৰ্বতাৰোহীগৰাকীৰ নাম আৰ্নেল্ড নেছ। সংবাদ সংস্থা AFP-ক পৰ্বতাৰোহীগৰাকীয়ে জনাইছে যে, 'মই কৰোনা আক্ৰান্ত হৈছোঁ। মোৰ স্বাস্থ্য বৰ্তমানলৈ সুস্থিৰ হৈ আছে। চিকিৎসকে মোৰ স্বাস্থ্য ধৰি ৰাখিবলৈ যৎপৰোনাস্তি সহযোগিতা আগবঢ়াইছে।'
আৰু পঢ়িব পাৰিব: নুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯
নৰ’ৱেৰ সংবাদসংস্থা NRK-ক নেছেই মন্তব্য প্ৰেৰণ কৰিছে যে, আশা কৰোঁ অইন কোনো পৰ্বতাৰোহী কৰ’নাত আক্ৰান্ত হোৱা নাই। পৰ্বতৰ উচ্চতাৰ বাবে হেলিকপ্টাৰযোগে অভিযাত্ৰীসকলক উদ্ধাৰ কৰাটো কষ্টকৰ।’ আনহাতে ,কাঠমাণ্ডুৰ এখন চিকিৎসালয়ে জনাইছে যে, মাউনেট এভাৰেষ্টৰ ভালেমান অভিযানকাৰীৰে ভৰি পৰিছে চিকিৎসাল ইয়াৰে প্ৰতিগৰাকীয়েই কৰ’নাত আক্ৰান্ত।
Leave A Comment