Sports
নতুন দিল্লী : ক’ভিড প্ৰতিষেধকক লৈ বৰ্তমানেও চলি আছে পৰীক্ষা-নিৰীক্ষা৷ বিশ্বত ক’ভিডে ধ্বংসলীলাৰ সৃষ্টি কৰাৰ পাছতে ক’ভিড প্ৰতিষেধক সৃষ্টিয়ে দিছিল আশাৰ বতৰা৷ পূৰ্বতকৈ যথেষ্ট পৰিমাণে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল যদিও শিশুসকলক এই প্ৰতিষেধক দিয়াতো কিমান ফলপ্ৰসু সেয়া নিৰীক্ষণৰ ভিতৰত আছিল৷ সোমবাৰে সকলো প্ৰশ্নৰ সমিধান উলিয়াই ফাইজাৰ আৰু বায়'টেকে শিশুসকলক এই প্ৰতিষেধক দিয়াতো সুৰক্ষিত বুলি জানিবলৈ দিয়ে৷
৫বছৰ বয়সৰ পৰা ১১ বছৰ বয়সৰ শিশুক এই ভেকচিন দিয়াতো সুৰক্ষিত বুলি বিবেচিত হ'লেও এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদানত অনুমতি দিয়া হোৱা নাই৷ কোম্পানীৰ কৰ্তৃপক্ষই জনোৱা মতে তেওঁলোকে এই সন্দৰ্ভত সবিশেষ প্ৰতিবেদন ইউৰোপীয়ান বডিলৈ প্ৰেৰণ কৰিছে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই৷
উল্লেখ্য যে, বৰ্তমান ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে বিশ্বত৷ সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা লোকসকলৰ বাবে মুকলি হৈছে পৰ্যটনৰ ক্ষেত্ৰখনো৷
Leave A Comment