Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ঢাকা : বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত কমেও ৫২জন লোকৰ মৃত্যু হৈছে আৰু আন অৰ্ধশতাধিক লোক আহত হৈছে। ৰাজধানী মহানগৰখনৰ উপকণ্ঠত অৱস্থিত এটা ফলৰ ৰসৰ ফেক্টৰীত এই অগ্নিকাণ্ড সংঘটিত হয়। ছমহলীয়া ভৱনটো জুয়ে আগুৰি ধৰাৰ ফলত তাত কৰ্মৰত শতাধিক লোকৰ জীৱন বিপন্ন হৈ পৰে।
বৃহস্পতিবাৰে সন্ধিয়া ৫বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে শুকুৰবাৰেহে এই বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পায়। প্ৰশাসনৰ লোকে প্ৰকাশ কৰে মতে, নাৰায়ণগঞ্জৰ ৰূপগঞ্জত থকা শ্বেজান জুইচ ফেক্টৰীত এই অগ্নিকাণ্ড সংঘটিত হয়। ভৱনটোৰ তলৰ মহলাত প্ৰথমে জুই লাগে আৰু তাৰপৰা সমগ্ৰ ভৱনটোতে জুই বিয়পি পৰে।
ফেক্টৰীটোত বিভিন্ন ৰাসায়নিক দ্ৰব্য আৰু প্লাষ্টিকৰ বটল জমা কৰি ৰখাৰ ফলত তৎক্ষনাত জুই বিয়পি পৰে। ভৱনটোত জুই লগাৰ লগে লগে তাত কৰ্মৰত বহু শ্ৰমিকে প্ৰাণ ৰক্ষা কৰিবলৈ তললৈ জঁপিয়াই দিয়ে। অগ্নিনিৰ্বাপন বাহিনীৰ ১৮টাকৈ গোটে অহৰহ চেষ্টাৰে জুই নিৰ্বাপিত কৰিছে যদিও ভৱনটোৰো ব্যাপক ক্ষতিসাধন হৈছে। তদুপৰি ৪০জনৰো অধিক লোক কালিলৈকে সন্ধানহীন হৈ থকা বুলিও প্ৰকাশ পাইছে।
Leave A Comment