• টিকটক গাৰ্লক আগুৰি গালি বৰ্ষণ, ফালিলে কাপোৰ

    আন্তঃৰাষ্ট্ৰীয়
    টিকটক গাৰ্লক আগুৰি গালি বৰ্ষণ, ফালিলে কাপোৰ

    ইছলামবাদ: স্বাধীনতা দিৱসৰ আনন্দত টিকটক ভিডিঅ’ কৰিবলৈ গৈ এগৰাকী যুৱতীয়ে হেৰুৱালে সন্মান। চাৰি শতাধিক উন্মাদ পুৰুষে টিকটক কৰাৰ অভিযোগতে ৰাজহুৱাকৈ ফালিলে এগৰাকী যুৱতীৰ কাপোৰ, ৰাজহুৱাকৈ দিলে গালিৰ বৰ্ষণ। ৰাজহুৱা স্থানতে শিল্পী মনৰ যুৱতীক সংগীৰ সৈতে দাঙি নি ঠেলিয়াই-গটিয়াই অত্যাচাৰ কৰিলে উন্মাদ পুৰুষৰ দলটোৱে। দেশখনৰ স্বাধীনতা দিৱস অৰ্থাৎ ১৪ আগষ্টৰ দিনা ঘটনা সংঘটিত হৈছিল পাকিস্তানত।





    লাহোৰত গ্ৰেটাৰ ইকবাল পাৰ্কত সংঘটিত হ’ল এই লোমহৰ্ষক ঘটনা। স্বাধীনতা দিৱসৰ আনন্দত টিকটক কৰিবলৈ যোৱাটোৱে কাল হ’ল যুৱতীগৰাকীৰ। ৰাজহুৱা স্থানত গীত-নৃত্য কৰাৰ অভিযোগতে শতাধিক পুৰুষৰ অত্যাচাৰৰ বলি হ’ল যুৱতীগৰাকী। ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে যুৱতীসহ ৬গৰাকী সহযোগীয়ে।





    উন্মাদপ্ৰায় দলটোৱে শিল্পীগৰাকীৰ শৰীৰতো অশ্লীল মাত মাতি নিভৃত অংগত বলপূৰ্বক স্পৰ্শ কৰা বুলিও স্পষ্টভাৱে এজাহাৰত উল্লেখ কৰিছে। ইতিমধ্যে বিশ্বজুৰি ভাইৰেল হৈ পৰা এই দৃশ্যক লৈ অস্বস্তিত পৰিছে ইমৰাণ খান নেতৃত্বাধীন পাকিস্তান চৰকাৰ।