• ট’কিঅ’ত উৰিল আফগান পতাকা, তালিবানৰ ত্ৰাসত নাই কোনো প্ৰতিযোগী

    আন্তঃৰাষ্ট্ৰীয়
    ট’কিঅ’ত উৰিল আফগান পতাকা,  তালিবানৰ ত্ৰাসত নাই কোনো প্ৰতিযোগী

    ট’কিঅ’ : তালিবানৰ ত্ৰাসত জাপানৰ ট’কিঅ’ত অনুষ্ঠিত পেৰালিম্পিকত কোনো আফগান প্ৰতিযোগীয়ে অংশগ্ৰহণ নকৰিলে অথচ উৰিল আফগান পতাকা। জানিবলৈ পোৱা মতে, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চ আয়োগৰ এজন প্ৰতিনিধিয়ে আফগানিস্তানৰ পতাকাখন সমদলৰ মাজেৰে কঢ়িয়াই লৈ গৈছিল। উল্লেখ্য যে, এইবাৰ দুজন আফগান প্ৰতিযোগীয়ে ট’কিঅ’ পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।





    কিন্তু আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস নকৰিলে প্ৰতিযোগীদ্বয়ে। আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ অধ্যক্ষ এণ্ড্ৰিউ পাৰচন্সে ভাষণ প্ৰসংগত সদৰী কৰে যে, ‘আমি শান্তিৰ বাৰ্তা কেৱল আফগানিস্তানতে নহয়, সমগ্ৰ বিশ্বলৈ প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছো। ইয়াত আফগান খেলুৱৈদ্বয়ক দেখিবলৈ পোৱাহেতেঁন ভাল লাগিলহেঁতেন কিন্তু এতিয়া সেয়া সম্ভৱ নহয়।





    কিন্তু আমি তেওঁলোকৰ কাষত থিয় দিছোঁ।’
    উল্লেখ্য যে, জাকিৰ খুদাদী পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আফগানিস্তানৰ প্ৰথম মহিলা পেৰা এথলীট হিচাপে বিবেচিত হৈছিল। শেহতীয়াকৈ এক ভিডিঅ' বাৰ্তাত জাকিয়াই তেওঁৰ স্বপ্ন ভংগৰ ব্যথা ব্যক্ত কৰে। তেওঁ আৰু হাছান ৰাচাউলী নামৰ আন এজন আফগান খেলুৱৈয়ে তেওঁলোকক সুৰক্ষিতভাৱে ট’কিঅ'লৈ প্ৰেৰণৰ বাবে আহ্বান জনোৱাৰ পাছতো পোৱা নাছিল সেউজ সংকেত।