Regional
ডিজিটেল ডেস্ক : মহিলাসকলৰ ওপৰত তালিবানে আৰোপ কৰা অন্যান্য বাধা-নিষেধৰ লগতে এইবাৰ ঘৰৰ ভিতৰতে মহিলাসকলক সোমাই থকাৰ নিৰ্দেশ দিছে তালিবানে ৷ ''কাবুল মহানগৰ চৰকাৰে'' মহিলা কৰ্মচাৰীসকলক তালিবানে ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিছে ৷ নতুন তালিবান শাসকসকলৰ দ্বাৰা মহিলাৰ ওপৰত আৰোপ কৰা শেহতীয়া নিষেধাজ্ঞাৰ বিৱৰণ দি দেওবাৰে আফগানিস্তানৰ ৰাজধানীৰ অন্তৱৰ্তীকালীন মেয়ৰে এই কথা সদৰী কৰে ৷
তেওঁ কয় যে, কাবুল মহানগৰ চৰকাৰৰ মহিলা কৰ্মচাৰীসকলক ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিয়া হৈছে ৷ সেই অনুসৰি কেৱল পুৰুষৰ দ্বাৰা সলনি কৰিব নোৱাৰা কামৰ বাবেহে মহিলাসকলক অনুমতি প্ৰদান কৰা হৈছে ৷ পুৰুষৰ সৈতে সলনি কৰিব নোৱাৰা কামৰ বাবে যিসমূহ মহিলাসকলক কাম কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে তাৰ ভিতৰত আছে ডিজাইন আৰু অভিযান্ত্ৰিক বিভাগৰ দক্ষ কৰ্মীৰ লগতে মহিলাসকলৰ বাবে ৰাজহুৱা শৌচালয়ৰ মহিলা সেৱক৷
মেয়ৰগৰাকীয়ে জানিবলৈ দিয়া মতে, কাবুল পৌৰ বিভাগৰ মহিলা কৰ্মচাৰীসকলৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত এতিয়াও বাকী আছে ৷ অৱশ্যে ইয়াৰ মাজতে তেওঁলোকে তেওঁলোকৰ দৰমহা লাভ কৰিব উল্লেখ কৰে ৷
Leave A Comment