• তালিবানৰ নিয়ন্ত্ৰণলৈ কাবুল : বাইডেনৰ পদত্যাগৰ দাবী ট্ৰাম্পৰ

    আন্তঃৰাষ্ট্ৰীয়
    তালিবানৰ নিয়ন্ত্ৰণলৈ কাবুল : বাইডেনৰ পদত্যাগৰ দাবী ট্ৰাম্পৰ

    আফগানিস্তান : তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পাছত এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধেও চলিছে বিষোদগাৰ। কুৰি বছৰীয়া মাৰ্কিন অভিযান তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ পাছতে দেশখনত তালিবানৰ উত্থান ঘটে আৰু এতিয়া সমগ্ৰ দেশখনকে নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই ঘটনাক্ৰমৰ পাছতে সৰৱ হৈ পৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ পদত্যাগৰ দাবী কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে।





    এক বিবৃতিত ড’নাল্ড ট্ৰাম্পে দেওবাৰে দাবী কৰে যে, ‘আফগানিস্তানৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ বাবে যি হ'বলৈ ধৰিছে তাৰ বাবে দায়িত্ব স্বীকাৰ কৰি জ’ বাইডেনে পদত্যাগ কৰা উচিত।’ আনকি জ’ বাইডেনৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে আফগানিস্তান ত্যাগ কৰিবলগা হৈছিল বুলিও অভিযোগ ট্ৰাম্পৰ।






    উল্লেখ্য যে, দুটা দীঘলীয়া দশকৰ পাছত, আফগানিস্তান পুনৰ তালিবানৰ নিয়ন্ত্ৰণলৈ গৈছে। দেওবাৰে তালিবানে আফগান ৰাজধানী কাবুল দখল কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসহ সকলো বিদেশী সৈন্যক ৩১ আগষ্টৰ ভিতৰত দেশৰ পৰা আঁতৰই নিয়াৰ কথা আছিল। ট্ৰাম্প প্ৰশাসনে আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰৰ ক্ষেত্ৰত তালিবানৰ সৈতে এক আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি, ২০২১ চনৰ মে’ মাহৰ ভিতৰত সকলো বিদেশী সৈন্য দেশৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা আছিল।