National
নতুন দিল্লী : তালিবান অধ্যুষিত আফগানিস্তানত এক সফল অভিযান সামৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। দেশখনত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক সুকলমে দেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টাত সফল হৈছে ভাৰত। সোমবাৰে কাবুলৰ পৰা আন দুখন বিমানে আবদ্ধ লোকক কঢ়িয়াই উভতি অহাৰ পাছত অতি প্ৰত্যাহ্বানপূৰ্ণ এই অভিযানে এতিয়া শেষ পৰ্যায়ত উপনীত হৈছে।
ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে এইকথা প্ৰকাশ কৰিছে। ১৫আগষ্টৰ দিনটোত তালিবানে কাবুল দখল কৰাৰ সময়ত এই অভিযান অসম্ভৱপ্ৰায় বোধ হৈছিল যদিও ভাৰত চৰকাৰে তৎপৰতাৰে এই অসম্ভৱক সম্ভৱ কৰি তুলিলে। আজি কাবুলৰ পৰা ওভটা আন দুখন বিমানে ভাৰতত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈ এই বিমানসমূহৰ জৰিয়তে ৭০০ৰো অধিক ভাৰতীয়ক দেশলৈ ঘূৰাই অনা হৈছে। ১৬ আগষ্টত আৰম্ভ হোৱা এই অভিযানক নেতৃত্ব দিছিল ভাৰতীয় বায়ুসেনা আৰু এয়াৰ ইণ্ডিয়াৰ বিমানে।
ইয়াৰে ছখন বিমানে নিজৰ অভিযান সম্পূৰ্ণ কৰি তুলিছে। দিল্লী আৰু কাবুলত থকা ভাৰতীয় কূটনীতিবিদে প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসজৰ্জৰ দেশখনৰ পৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ এই প্ৰক্ৰিয়াত বহুদেশীয় কূটনৈতিক আৰু নিৰাপত্তজনিত ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছিল। বিদেশমন্ত্ৰী এছ জয়শংকৰে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ৱাশ্বিংটন, দোহা, ডুছানবে, তাছকেণ্ট, আংকাৰা আৰু কাবুলৰে আলোচনাৰ জৰিয়তে জয়শংকৰে এনে সফলতাৰ বাট মুকলি কৰিছিল।
Leave A Comment