• তালিবান অধ্যুষিত আফগান ভূমিত নিষিদ্ধ হ’ব সংবাদ মাধ্যম!

    আন্তঃৰাষ্ট্ৰীয়
    তালিবান অধ্যুষিত আফগান ভূমিত নিষিদ্ধ হ’ব সংবাদ মাধ্যম!

    আমষ্টাৰডম : আফগানিস্তানত শীঘ্ৰেই নিষিদ্ধ কৰা হ’ব সংবাদ মাধ্যমৰ উপস্থিতি। তালিবানে ক্ষমতা দখলৰ পাছত দেশখনত সংবাদ মাধ্যমৰ বাবে মুকলি পৰিৱেশ নাথাকিব। সম্প্ৰতি তালিবানে দেশখনত সংবাদ মাধ্যমৰ স্বাধীনতা অব্যাহত থাকিব বুলি কৰা ঘোষণা পশ্চিমীয়া দেশ আৰু আন্তঃৰাষ্ট্ৰীয় মহলক বুৰ্বক সজাবলৈহে কৰা হৈছে।





    এই দাবী কৰিছে দেশ এৰি পলাই যোৱা আফগানিস্তানৰ এজন প্ৰখ্যাত ফটো সাংবাদিকে। ২০১২ চনত পুলিৎজাৰ বঁটা লাভ কৰা সেই সময়ৰ ফ্ৰান্স-প্ৰেছৰ ফটো সাংবাদিক মাছুদ হোছাইনীয়ে এই মন্তব্য কৰিছে। সম্প্ৰতি তেওঁ মুক্ত সাংবাদিকতা কৰি আছে। তেওঁ কয় যে, আফগানিস্তানৰ নতুন শাসকসকলে ইতিমধ্যেই মহিলা সাংবাদিকৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিছে।





    তেওঁ দাবী কৰে যে, তালিবানে সংবাদ মাধ্যমক হত্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু এয়া তেওঁলোকে খুব লাহে লাহে কৰি আছে। দেশখনৰ পৰা নাটকীয়াভাৱে তেওঁ প্ৰাণ লৈ পলায়ন কৰাৰ পাছতে এই মন্তব্য কৰিছে। তেওঁ সম্প্ৰতি নেডাৰলেণ্ডত আশ্ৰয় গ্ৰহণ কৰিছে।