• ত্ৰস্তমান আমেৰিকান চৰকাৰ: দুবছৰৰ ভিতৰতে পুনৰ আক্ৰমণ চলাবলৈ সাজু হৈছে আল-কাইদা

    আন্তঃৰাষ্ট্ৰীয়
    ত্ৰস্তমান আমেৰিকান চৰকাৰ: দুবছৰৰ ভিতৰতে পুনৰ আক্ৰমণ চলাবলৈ সাজু হৈছে আল-কাইদা

    ডিজিটেল ডেস্ক: শীৰ্ষ চোৰাংচোৱা সংস্থা ডিফেঞ্চ ইণ্টেলিজেঞ্চ এজেন্সিৰ মূৰব্বী লেফটেনেণ্ট জেনেৰেল স্কট বেৰিয়াৰৰ এক মন্তব্যই এতিয়া আতংকৰ সৃষ্টি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত।মঙলবাৰে চোৰাংচোৱা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ এক সন্মিলনত ভাগ লৈ তেওঁ কয়, “ আমাৰ হাতত পৰা শেহতীয়া তথ্য অনুসৰি অনাগত এটা বা দুটা বছৰৰ ভিতৰত আল-কাইদাই আফগানিস্তানত নতুনকৈ শক্তি সঞ্চয় কৰিব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰাই এবাৰ আক্ৰমণ চলাব”।


    আৰু তেওঁৰ দাবী সঁচা প্ৰতিপন্ন হ’লে আমেৰিকা যুক্ত্ৰৰাষ্ট্ৰই আফগানিস্তানত সন্ত্ৰাসৰ শিপা উভালি থৈ অহা বুলি কৰা দাবী অসাৰ প্ৰতিপন্ন হ’ব।উল্লেখ্য যে আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰি সমালোচনাৰ সন্মুখীন হৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৈ আহিছে যে আফগানিস্তানত ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যত জড়িত হোৱাটো তেওঁলোকৰ দায়িত্ব নাছিল।

    ১১ ছেপ্টেম্বৰ ২০০১ ৰ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান লক্ষ্য আছিল আফগানিস্তানৰ ভূমিৰ পৰা আল- কাইদাক উৎখাত কৰা আৰু ওচামা বিন লাডেনক নিধন কৰা।
    কিন্তু স্ক্ট বেৰিয়াৰৰ মন্তব্যৰ পিছত আফগানিস্তানৰ ভূমিৰ পৰা আল- কাইদাক সম্পূৰ্ণৰূপে উৎখাত কৰাত যে আমেৰিকান চৰকাৰ ব্যৰ্থ হ’ল আৰু দেশখনত যে পুনৰ শক্তি সঞ্চয় কৰিব পৰা অৱস্থাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটো এতিয়াও আছে সেয়াই প্ৰতিপন্ন হ’ল।