Sports
ডিজিটেল ডেস্ক : ২০ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত বাংলাদেশ দলে নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। বুধবাৰে দলটোৱে নিউজিলেণ্ডক মাত্ৰ ৬০ ৰাণত অল আউট কৰিবলৈ সক্ষম হয়।টছত জয়ী হৈ টম লেথাম নেতৃত্বাধীন নিউজিলেণ্ড দলে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু দলৰ এই সিদ্ধান্ত ভুল প্ৰমাণিত হয়। দলটো মাত্ৰ ১৬ অভাৰ ৫ টা বলতে অল আউট হৈ যায়। সংগ্ৰহ কৰে মাথো ৬০ ৰাণ।
খেলখনত লেথাম আৰু নিকোলছ উভয়ে ১৮ ৰাণকৈ সংগ্ৰহ কৰে। বাংলাদেশৰ বলাৰ মুস্তাফিজুৰ ৰহমানে ২ অভাৰ ৫ টা বলত ১৩ ৰাণ খৰছ কৰি ৩ টিকৈ উইকেট দখল কৰিবলৈ সমৰ্থ হয়। মহম্মদ চাইফুদ্দিন, শ্বাকিব আল হাছান, আৰু নাচুম আহমেদে দুটাকৈ উইকেট দখল কৰে। মেহদি হাছানে লাভ কৰে ১ টা উইকেট।
উল্লেখ্য যে নিউজিলেণ্ডৰ বাবে ৬০ ৰাণ যিকোনো আন্তৰাষ্ট্ৰীয় টি ২০ ক্ৰিকেট প্ৰতিযোগিতাত সৰ্বনিম্ন স্ক’ৰ।ইয়াৰ পূৰ্বেও ২০১৪ চনত দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে ৬০ ৰাণত অল আউট হৈছিল। আনহাতে এয়া যিকোনো দলৰেই বাংলাদেশৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰ। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া দলে বাংলাদেশৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰ কৰিছিল। এই মাহৰ আৰম্ভণীতে অনুষ্ঠিত উক্ত খেলখনত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ৬২ ৰাণ।
Leave A Comment