ৰাষ্ট্ৰীয়
কাবুল : আফগানিস্তানে মুকলি কৰি দিলে দহজনকৈ চীনৰ চোৰাংচোৱাক। ১০ ডিচেম্বৰত কাবুলত এই চোৰাংচোৱা কেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল। দেশখনৰ ৰাজধানী মহানগৰখনত এটা সন্ত্ৰাসবাদী গোট চলোৱাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আফগানিস্তানৰ নেচনেল ডিৰেক্টৰেট অব ছিকিউৰিটী (এনডিএছ)এ।
আৰু পঢ়িব পাৰিব : বিদ্যালয়ত উপস্থিত থাকিলে ছাত্ৰীসকলে দিনে পাব ১০০ টকাকৈ!
কিন্তু বিষয়টোৰ সৈতে জড়িত এক সূত্ৰই সোমবাৰে প্ৰকাশ কৰে যে, এই দহজন চীনা নাগৰিকক আফগানিস্তান এৰাৰ অনুমতি দিয়া হৈছে। চীনা চৰকাৰে ব্যৱস্থা কৰি দিয়া এখন বিমানেৰে চোৰাংচোৱাগিৰিৰ অভিযোগত অভিযুক্ত লোককেইজনে আফগানিস্তান এৰে। এক গুৰুতৰ চোৰাংচোৱাগিৰি চলোৱাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আফগানিস্তানে এইসকল চীনৰ নাগৰিকক চৰ্তসাপেক্ষে ক্ষমাদান কৰে।
আৰু পঢ়িব পাৰিব : প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যা! এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত
দেশখনত চীনে এগৰাকী মহিলাকে ধৰি দহজনকৈ চোৰাংচোৱাক নিয়োগ কৰাৰ বাবে বেইজিঙে ক্ষমা বিচৰাৰ চৰ্ত আৰোপ কৰা হৈছে। চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে এইসকল লোকৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে লোককেইজন আৰু তেওঁলোকক মুকলি কৰি দিয়াৰ সবিশেষ জানিবপৰা হোৱা নাই।
Leave A Comment