• দ্বিপাক্ষিক সম্পৰ্ক : ঢাকাত বিদেশমন্ত্ৰী এছ জয়শংকৰ

    আন্তঃৰাষ্ট্ৰীয়
    দ্বিপাক্ষিক সম্পৰ্ক :  ঢাকাত বিদেশমন্ত্ৰী এছ জয়শংকৰ

    নতুন দিল্লী : ঢাকাত উপস্থিত হৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী এছ জয়শংকৰ। জয়শংকৰে আজি বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনৰ সৈতে আলোচনাত মিলিত হয়।





    আৰু পঢ়িব পাৰিব : ১০৭ একৰলৈ বৃদ্ধি পাব ৰাম মন্দিৰৰ পৰিসৰ





    দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ সম্পৰ্কত দুয়োগৰাকী নেতাই বিতংভাৱে আলোচনা কৰে। ভাৰতৰ ‘নেইবাৰহুড ফাৰ্ষ্ট’ অৰ্থাৎ ‘প্ৰথমে প্ৰতিবেশী’ আঁচনিৰ অংশ হিচাপে এদিনীয়া ভ্ৰমণসূচীৰে ঢাকাত উপস্থিত হৈছে এছ জয়শংকৰ।





    আৰু পঢ়িব পাৰিব : প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট





    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত বাংলাদেশ ভ্ৰমণৰ প্ৰস্তুতিৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে। বাংলাদেশত উপস্থিত হোৱাৰ পাছতে কুৰ্মীতোলা বায়ুসেনা কেন্দ্ৰত মোমেনে জয়শংকৰক আদৰণি জনায়। দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে বৈদেশিক মন্ত্ৰী জয়শংকৰে।