Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
ৱাশ্বিংটন: ক’ভিড-১৯ মহামাৰীয়ে ২০২০ চনৰ তুলনাত চলিত বৰ্ষত সংঘৰ্ষগ্ৰস্ত আৰু দৰিদ্ৰ দেশসমূহক তীব্ৰ আঘাত কৰিছে। বহুতে অধিক কেছলোড আৰু বৰ্ধিত মৃত্যুৰ সন্মুখীন হৈছে বুলি সদৰী কৰিছে ৰাষ্ট্ৰসংঘৰ উপ-মানৱতাবাদী মুৰব্বী ৰমেশ ৰাজসিংহমে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক তেওঁ অৱগত কৰে যে, ‘ভেকছিনৰ প্ৰৱেশাধিকাৰৰ অভাৱ, ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা সুচল কৰা, সামাজিক সজাগতা বৃদ্ধি, আৰু ১৭খন বিধ্বস্ত ৰাষ্ট্ৰকে ধৰি কমেও ১২৪খন দেশলৈ ডেল্টা প্ৰকাৰৰ বিস্তাৰৰ ফলত দেশসমূহৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। লগতে তেওঁ কয়, ‘কৰ’না মহামাৰী এতিয়াও নিৰ্মূল হোৱা নাই। আমি আমাৰ পৃথিৱীৰ দৰিদ্ৰ লোকসকলৰ বাবে আটাইতকৈ বিপদজনক সময়ত আছোঁ। চলিত বৰ্ষত এতিয়ালৈকে মানৱীয় সাহায্যৰ প্ৰয়োজন হোৱা প্ৰায় তিনি-চতুৰ্থাংশ দেশত ২০২০ চনৰ তুলনাত অধিক ঘটনা বা মৃত্যু নথিভুক্ত কৰা হৈছে। বিগত বৰ্ষৰ তুলনাত এই সংখ্যা প্ৰায় ৩গুণৰো অধিক বৃদ্ধি পাইছে।’
কৰ’নাত মৃতকৰ এই সংখ্যাক তেওঁ ‘আইচবাৰ্গৰ চূড়া’ বুলি অভিহিত কৰি কয়, ‘আজি আমাৰ দুটা ধৰণৰ মহামাৰী হৈছে-বিশ্বৰ ধনী দেশৰ বাবে এটা গতিপথ, আৰু দৰিদ্ৰলোকৰ বাবে এটা - ভেকছিনৰ উপলব্ধতা,সংক্ৰমণৰ হাৰ আৰু নীতিগত সমৰ্থন প্ৰদান কৰাৰ সামৰ্থ্যৰ নাটকীয় পাৰ্থক্যৰ দ্বাৰা চিহ্নিত হৈছে।’ৰাজসিংহমে আন্তৰ্জাতিক সম্প্ৰদায়ক আটাইতকৈ দৰিদ্ৰ দেশবোৰে কৰ’না মহামাৰীৰ সৈতে যুঁজিবলৈ সুৰক্ষামূলক সঁজুলি, অক্সিজেন,পৰীক্ষাৰ বাবে উপযুক্ত পিপিই-কীট আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰী লাভৰ ক্ষেত্ৰত নিশ্চিত সঁহাৰিৰ আহ্বান জনাইছে। উল্লেখ্য যে, বিশ্বব্যাপী মানৱতাবাদী ব্যৱস্থাই ১৬১ নিযুত লোকক সহায় কৰিবলৈ ৩৬ বিলিয়ন আমেৰিকান ডলাৰৰ বাবে আবেদন-পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে, ৰাষ্ট্ৰসংঘই মানৱীয় সহায়ৰ বাবে আবেদন কৰা দেশসমূহলৈ ৮০ নিযুত ভেকচিন ইতিমধ্যে প্ৰেৰণ কৰিছে।
Leave A Comment