• নতুন আফগান চৰকাৰ, তৎপৰ হাক্কানী নেটৱৰ্ক

    আন্তঃৰাষ্ট্ৰীয়
    নতুন আফগান চৰকাৰ, তৎপৰ হাক্কানী নেটৱৰ্ক

    কাবুল : প্ৰায় অনায়াসে আফগানিস্তান দখল কৰাৰ পাছত সম্প্ৰতি তাত চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰিছে তালিবান সন্ত্ৰাসবাদী। তালিবানৰ এজন কামাণ্ডাৰ তথা হাক্কানী নেটৱৰ্ক সন্ত্ৰাসবাদী সংগঠনৰ জ্যেষ্ঠ নেতা আনিছ হাক্কানীয়ে আজি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাইক সাক্ষাৎ কৰে।





    তালিবানৰ এক সূত্ৰই হাক্কানীয়ে আলোচনাৰ বাবে কাৰজাইক সাক্ষাৎ কৰা বুলি প্ৰকাশ কৰিছে।এই আলোচনাৰ সময়ত কাৰজাইক সংগ দিয়ে পুৰণি চৰকাৰৰ মু্খ্য শান্তিৰ দূত আব্দুল্লা আব্দুল্লাই। অৱশ্যে এই আলোচনাৰ সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে তালিবানৰ সদস্যজন।





    উল্লেখ্য যে, হাক্কানী নেটৱৰ্ক তালিবানৰ এক গুৰুত্বপূৰ্ণ অংশ। এই গোটটোৱেই দেশখনৰ ৰাজধানী কাবুল দখল কৰিছে। পাকিস্তান সীমান্তত খোপনি পুতি থকা এই সন্ত্ৰাসবাদী গোটটোৱেই বিগত সময়ছোৱাত আফগানিস্তানত হোৱা ভালেমান ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল।