• নাৰকীয় দিনৰ সূচনা! তালিবানে প্ৰস্তুত কৰিছে হত্যা কৰিবলগীয়া মহিলাৰ তালিকা

    আন্তঃৰাষ্ট্ৰীয়
    নাৰকীয় দিনৰ সূচনা! তালিবানে প্ৰস্তুত কৰিছে হত্যা কৰিবলগীয়া মহিলাৰ তালিকা

    ডিজিটেল ডেস্ক : ‘তালিবান ২.০’। আফগান ভূমিত কট্টৰ মৌলবাদী সংগঠনৰ পুনৰুত্থানে যিবোৰ সংশয়ৰ সৃষ্টি কৰিছিল সেইবোৰ এতিয়া অধিক গাঢ় হ’বলৈ আৰম্ভ কৰিছে। ক্ৰমশঃ যেন লুকুৱাই থোৱা দাঁত-নখ বাহিৰ হ’বলৈ আৰম্ভ কৰিছে তালিবানৰ। মৃত্যুক উৎসৱ হিচাপে উদযাপন কৰা সংগঠনটোৱে এতিয়া কেৱল পৰিকল্পনা কৰিছে মৃত্যুদণ্ড বিহাৰ। দেশ চলোৱা বা উন্নয়নৰ নহয়, কাক ক’ত কেনেকৈ মৃত্যুদণ্ড বিহিব পাৰি তাৰেই পৰিকল্পনা যুগুত কৰিবলৈ আৰম্ভ কৰিছে তালিবানে। আফগান মহিলাসকল তেওঁলোকৰ মূল্য লক্ষ্য হৈ পৰিছে।





    ক্ষমতা দখলৰ পাছত তেওঁলোকে এইবাৰ উদাৰ সহনশীলতাৰ নতুন ৰূপেৰে আত্মপ্ৰকাশ কৰাৰ দাবী কৰি আহিছিল যদিও এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। নিজৰ নৃশংস মানসিকতাৰ নিদৰ্শন দাঙি ধৰি এইবাৰ দেশখনৰ যৌনকৰ্মীসকলক হত্যাৰ নিৰ্দেশ জাৰি কৰিছে তালিবানে।





    কাক, ক’ত, কেনেকৈ হত্যা কৰা হ’ব তাৰ তালিকাও প্ৰস্তুত কৰা হৈছে। বিভিন্ন পৰ্ন ছাইটত খুঁচৰি খুঁচৰি তালিবানে এইসকল যৌনকৰ্মীক বিচাৰি উলিয়াইছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দেশখনৰ সকলো পৰ্ণ ছাইটৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে। তাৰ পৰাই চিনাক্ত কৰা হৈছে যৌনকৰ্মীসকলক। কোনো আফগান মহিলাই যাতে যৌনতাক পেচা হিচাপে গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবেও জাৰি কৰা হৈছে নিৰ্দেশনা।





    নতুন চৰকাৰ ক্ষমতাত অধীষ্ঠিত হোৱাৰ পাছতে যৌনকৰ্মী আৰু ব্লু ফিল্মৰ সৈতে জড়িত মহিলাসকলক হত্যাৰ পৰিকল্পনা যুঁগুতাই ৰাখিছে তালিবান সন্ত্ৰাসবাদীয়ে। ইয়াৰে কিছুসংখ্যকক ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ লগতে, বহুতকে শিল দলিয়াই হত্যা কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে তালিবানে। বহু মহিলাক যৌনকৰ্মী হিচাপে ৰখাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। এনে ভয়ংকৰ আঁচনিয়ে আফগান মহিলাৰ বাবে নাৰকীয় দিনক আহ্বান দিয়াটো এতিয়া স্পষ্ট হৈ পৰিছে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor