Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
নিউয়ৰ্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংগৰাজ্য নিউয়ৰ্কৰ ২৩৩বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই গভৰ্নৰৰ দায়িত্ব গ্ৰহণ কৰিব। ৬৩বছৰীয়া কেথী হোচুলে ৩বাৰ নিৰ্বাচিত গভৰ্নৰ এণ্ড্ৰিউ পটাৰক গাদীচ্যুত কৰিছে। যৌন কেলেংকাৰীৰ মেৰপাকত পৰা ডেমক্ৰেট গভৰ্নৰ এণ্ড্ৰিউ কুমোৰ পৰিৱৰ্তে কেথী হোচুলক গভৰ্নৰ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ পোৱা গৈছে।
২৪আগষ্টত দায়িত্ব গ্ৰহণ কৰিব কেথী হোচুলে। দ্বায়িত্বগ্ৰহণৰ পাছতে নিউয়ৰ্কৰ প্ৰথমগৰাকী মহিলা গভৰ্নৰ হিচাপে পৰিগণিত হ’ব কেথী হোচুল। কেথী হোচুলে ৰাজ্যখনৰ ৫৭সংখ্যক ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব।
এণ্ড্ৰিউ কুমো আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ৫০গৰাকী ৰাজ্যপালৰ ভিতৰত অন্যতম আছিল। কিন্তু যৌন কেলেংকাৰীত সংপৃক্ত হৈ পৰা ৰাজ্যপালগৰাকীয়ে পৰৱৰ্তী সময়ত তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ৰাজ্যিক এটৰ্নী জেনেৰেল লেটীশা জেমছে বিগত সপ্তাহত কুমোৰ বিৰুদ্ধে প্ৰায় ২০০জন ব্যক্তিয়ে সাক্ষ্য প্ৰদানৰ পাছত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল।
Leave A Comment