• নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতৰ শিশু জন্মৰ ব্যতিক্ৰমী অভিলেখ

    আন্তঃৰাষ্ট্ৰীয়
    নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতৰ শিশু জন্মৰ ব্যতিক্ৰমী অভিলেখ

    নতুন দিল্লী : নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতে গঢ়িলে এক ব্যতিক্ৰমী অভিলেখ৷ ২০২১ৰ ১ জানুৱাৰীৰ দিনটোত জন্ম পালে মুঠ ৬০ হাজাৰকৈ শিশু ৷ ইয়াৰ উপৰি সমগ্ৰ বিশ্বজুৰি ১ জানুৱাৰীত জন্ম হ’ল প্ৰায় ৩ লাখ ৭১ হাজাৰ ৫০৪টা শিশু৷ ইউনিচেফে কৰা সমীক্ষাত শিশুৰ জন্মৰ এই তথ্যৰাজি জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব : কবৰ খান্দি পুত্ৰৰ মৃতদেহলৈ অপেক্ষা এগৰাকী দুৰ্ভগীয়া পিতৃৰ…





    উল্লেখ্য যে বিশ্বৰ ভিতৰত ১ জানুৱাৰীত ভাৰততে সৰ্বাধিক শিশুৰ জন্ম হোৱাৰ তথ্য লাভ কৰা হৈছে৷ ভাৰতৰ পাছতে সৰ্বাধিক শিশু জন্ম হৈছে চীনত৷ বিশেষ দিনটোত ভাৰতত ৫৯,৯৯৫টা শিশু, চীনত জন্ম হয় ৩৬ হাজাৰ ৬১৫টা শিশু৷ প্ৰথম ১০খন তালিকাভুক্ত দেশৰ ভিতৰত নাইজেৰিয়া, পাকিস্তান, ইণ্ডোনেছিয়াও আছে৷





    আৰু পঢ়িব পাৰিব : অসবৰ্ণ বিবাহেই কাল হ’ল ২৩ বছৰীয়া নীৰজৰ





    ইউনিচেফে ২০২১ চনটো শিশুৰ বাবে ৭৫সংখ্যক বৰ্ষৰ নতুন সম্ভাৱনাময় পৃথিৱী গঢ়ি তোলাৰ বাবে উৎসৰ্গা কৰিছে৷