National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
নতুন দিল্লী : ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্সে দেশখনত খাৰুৱা তেলৰ ব্যৱহাৰ বৰ্জিত এক ভৱিষ্যতৰ পৰিকল্পনা কৰি অলপতে তেওঁৰ শেহতীয়া লক্ষ্যৰ কথা প্ৰকাশ কৰে৷ যাৰ উদ্দেশ্য হৈছে শূন্য কাৰ্বন নিৰ্গমন থকা এক গাড়ী আৰু পথমুক্ত চহৰ নিৰ্মাণ কৰা৷
আৰু পঢ়িব পাৰিব : পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, গুলীচালনাত আহত ৬
'The Line' নামৰ ১৭০ কিলোমিটাৰ দীঘল "নিওম" নামৰ এক পূৰ্ব-ঘোষিত ৫০০ বিলিয়ন ডলাৰ মেগা প্ৰকল্পৰ অংশ হ'ব এই চহৰ৷ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন ছলমানে দেওবাৰে দূৰদৰ্শনত দিয়া এটা ভাষণত এই কথা প্ৰকাশ কৰিছে। এই বছৰৰ প্ৰথম তিনি মাহত চহৰখনৰ নিৰ্মাণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।
আৰু পঢ়িব পাৰিব : গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতৰ ৫ শ্বহীদলৈ সন্মান…
জানিব পৰামতে চহৰখনত এক খোজ কাঢ়ি চলা-ফুৰা কৰিব পৰা 'হাইপাৰ-সংযোজিত ব্যৱস্থা থাকিব য'ত গাড়ী আৰু ৰাস্তা নাথাকিব আৰু ইয়াক প্ৰকৃতিৰ চাৰিওফালে নিৰ্মাণ কৰা হ'ব। তদুপৰি চহৰখনত ১ নিযুত বাসিন্দা থাকিব আৰু ২০৩০ চনৰ ভিতৰত ইয়াত ৩,৮০,০০০ চাকৰি সৃষ্টি কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে। অৱশ্যে এই পৰিকল্পনাৰ প্ৰত্যাশিত ব্যয় বা ইয়াত কেনেদৰে পুঁজি ব্যৱহাৰ কৰা হ'ব তাৰ বিৱৰণ প্ৰদান কৰা হোৱা নাই।
Leave A Comment