National
ডিজিটেল ডেস্কঃ টকিঅ'ত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত ভাৰতে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হ'ল। যোৱা ২৪ আগষ্টত আৰম্ভ হৈ আজি সমাপ্তি ঘটা প্ৰতিযোগিতাখনত ভাৰতীয় খেলুৱৈসকলে ৫ টা সোণ, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ মেডেলসহ মুঠ ১৯ টা পদক দেশলৈ কঢ়িয়াই আনিলে।
উল্লেখ্য যে প্ৰতিযোগিতাখনিত ভাৰতৰ হৈ প্ৰথমটো ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মহিলা টেবুল টেনিছ খেলুৱৈ ভাবিনা পেটেলে। হুইল চেয়াৰত বহিয়েই দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাবিনা পেটেলে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে মানুহে ইচ্ছাশক্তি প্ৰবল হ'লে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে।
আজি অন্ত পৰা পেৰা অলিম্পিকত কৃষ্ণা নগৰে পুৰষৰ একক বেডমিণ্টন শাখাত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে।
এথলেটিকছতো ভাৰতে দমনীয় প্ৰদৰ্শনৰে হাই জাম্পত ৪ টা, জেভলিন থ্ৰ'ত ৩ টা পদক লাভ কৰিবলৈ সক্ষম হ'য়।
Leave A Comment