ৱাশ্বিংটনঃ ব্ৰিটিছ নৌসেনাৰ দুখন যুদ্ধজাহাজে শেহতীয়াকৈ আমেৰিকা ত্যাগ কৰিছে। দুয়োখন জাহাজে আগন্তুক ৫বছৰত আৰু আমেৰিকালৈ উভতি নাযায়। দুয়োখন জাহাজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূললৈ ৰাওনা হোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি যোগে সদৰী কৰিছে।
‘এইচএমএছ স্পেই’ জাহাজখনৰ কমাণ্ডিং অফিচাৰ লে কমোডৰ বেন ইভান্সে কয়, ‘২,০০০ টন আৰু ৩০০ ফুট দীঘল ‘এইচএমএছ স্পেই’ আৰু 'এইচএমএছ টামাৰ' একেলগে একেটা অভিযানলৈ অগ্ৰসৰ হ’ব। জাহাজ দুখন ২০২৬ চনৰ আগতে দুয়োখন দেশৰ উপকূললৈ ঘূৰি নাহে।’ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত টহল দিয়াৰ উপৰিও দুয়োখন যুদ্ধজাহাজে বেইজিং সাগৰৰ উত্তৰ সীমান্তৱৰ্তী অঞ্চলৰ লগতে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া প্ৰদেশৰ দক্ষিণে তাচমানিয়াৰ সীমান্তত টহল দিব।
যুদ্ধজাহাজ দুখনে নিৰাপত্তা ব্যৱস্থাৰ লগতে, ড্ৰাগস সৰবৰাহ,তথা সন্ত্ৰাসবাদ আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ বিৰূদ্ধে তীক্ষ্ণ নজৰ ৰাখিব বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধজাহাজ ৰাওনা হোৱাৰ পাছতে চীনা সীমান্তত বৃদ্ধি পাইছে উত্তেজনা।
Leave A Comment