• ফিলিপাইনছত ৭.১ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প, সতৰ্কবাণী প্ৰশাসনৰ

    আন্তঃৰাষ্ট্ৰীয়
    ফিলিপাইনছত ৭.১ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প, সতৰ্কবাণী প্ৰশাসনৰ

    ফিলিপাইনঃ ফিলিপাইনছৰ দক্ষিণ-পূবৰ পণ্ডাগুইটান আৰু ইয়াৰ আশে-পাশে এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১। স্থানীয় সময় অনুসৰি, বুধবাৰে সন্ধিয়া কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ পাছতে অঞ্চলটোত ছুনামিকেন্দ্ৰিক সতৰ্কতা জাৰী কৰিছে প্ৰশাসনে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক জৰীপে সদৰী কৰিছে যে, ভূমিকম্পটো পৃষ্ঠভূমিৰ পৰা ৬৫.৬ কিঃমিঃ গভীৰতাত, পণ্ডাগুইটানৰ পৰা ৬২ কিঃমিঃ পূবত উদ্ভৱ হৈছিল।





    ভূমিকম্পৰ পাছতে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা সম্ভাব্য ছুনামিৰ সতৰ্কতা জাৰী কৰা হৈছে। ফিলিপাইনৰ ভ’লকেন’লজী এণ্ড চিচম’লজী প্ৰতিষ্ঠানটোৱে সংঘটিত ভূমিকম্পটোৱে ব্যাপক ক্ষতি কৰাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাই এই ভূমিকম্পৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলত ছুনামি উদ্ভৱৰ কোনো আশংকা নাই বুলি জনাইছে।