Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
কাবুল : আফগানিস্তানৰ তালিবান উগ্ৰপন্থীসকলক নিষিদ্ধ ঘোষণা কৰিলে ফেচবুকে। এই নীতি হোৱাটছ এপ আৰু ইনষ্টাগ্ৰামৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। ফেচবুক কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে। ইণ্টাৰনেটত এই মাধ্যমসমূহত তালিবানৰ সমৰ্থনত দিয়া সকলো পোষ্ট বা মন্তব্য নিষিদ্ধ ঘোষণা কৰা হৈছে।
ফেচবুক কৰ্তৃপক্ষই জানিবলৈ দিছে যে, কোনো লোকে তালিবানৰ সমৰ্থনত কোনো পোষ্ট বা মন্তব্য কৰিলে সেইসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব। ফেচবুকৰ মুখপাত্ৰই আজি প্ৰকাশ কৰিছে যে, বিপজ্জনক সংগঠন সংক্ৰান্তীয় নিয়মাৱলী মানি তালিবানৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে।
ফেচবুকৰ মুখপাত্ৰজনে কয় যে, তেওঁলোকে গভীৰভাৱে আফগানিস্তানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। তালিবানৰ সমৰ্থনত দিয়া পোষ্টসমূহ মুচি পেলোৱা হ’ব। যি একাউণ্টৰ পৰা এনেধৰণৰ পোষ্ট আহে সেইসমূহ নিষিদ্ধ কৰা হ’ব।
Leave A Comment