• বিশ্বত আৰম্ভ হৈছে ক’ভিডৰ তৃতীয় লহৰ!

    আন্তঃৰাষ্ট্ৰীয়
    বিশ্বত আৰম্ভ হৈছে ক’ভিডৰ তৃতীয় লহৰ!

    জেনেভা : ক’ভিড -১৯ বিশ্বৰ স্বাস্থ্য খণ্ডৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বানত পৰিণত হৈছে। ইয়াক নিয়ন্ত্ৰণ কৰাৰ কোনো কাৰ্যকৰী উপায় উদ্ভাৱন নোহোৱাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে সংকট। বৃহস্পতিবাৰে হুৰ মুৰব্বীয়ে কৰিছে আন এক উদ্বেগজনক মন্তব্য। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম ঘেব্ৰিয়েছাছে মন্তব্য কৰিছে যে, বিশ্বত এতিয়া কোভিড-১৯ৰ তৃতীয় লহৰৰ প্ৰাথমিক স্তৰ চলি আছে। কোভিডৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে তেওঁ তৃতীয় লহৰৰ আগ্ৰাসন সম্পৰ্কীয় সতৰ্কবাণী দিয়ে।

    তেওঁ কয়, দুৰ্ভাগ্যজনকভাৱে আমি এতিয়া কোভিড ১৯ৰ তৃতীয় লহৰৰ প্ৰাথমিক স্তৰত উপনীত হৈছোঁ। কোভিডৰ ডেল্টা সংক্ৰমণৰ তীব্ৰতা তথা ইয়াৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পোৱা সন্দৰ্ভতো তেওঁ উদ্বেগ প্ৰকাশ কৰে। এই পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে টিকাকৰণ যে কাৰ্যকৰী এক উপায় সেই সন্দৰ্ভতো তেওঁ নিজৰ মত ব্যক্ত কৰে। তেওঁ কয়, কোভিডৰ ডেল্টা প্ৰকাৰ ১১১খনতকৈও অধিক দেশত এতিয়া বিয়পি পৰিছে। আৰু ইয়াৰ সংক্ৰমণে অধিক ব্যাপক ৰূপ ধাৰণ কৰাৰ আশংকা থকাৰ কথাও তেওঁ ব্যক্ত কৰে।