Sports
মস্কো: মধ্য ৰাছিয়াৰ পাৰ্ম ষ্টেট ইউনিভাৰ্চিটীৰ চৌহদত সোমবাৰে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা মুকলি আক্ৰমণত আঠগৰাকী লোক নিহত হোৱাৰ লগতে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় বুলি ৰাছিয়াৰ অনুসন্ধানকাৰী সমিতিয়ে দিয়া তথ্যত জানিব পৰা গৈছে৷
মস্কোৰ পৰা প্ৰায় ১,৩০০ কিলোমিটাৰ আঁতৰত থকা বিশ্ববিদ্যালয়খনত এজন অস্ত্ৰধাৰী ছাত্ৰই গুলীচালনাৰ কৰা বুলি নিশ্চিত কৰা হয়৷ আনহাতে, এই আক্ৰমণত জড়িত থকা ছাত্ৰজনক আটক কৰাৰ সময়ত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আক্ৰমণকাৰীৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চৌহদৰ অট্টালিকাৰ পৰা জপিওৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহত এগৰাকী ১৯ বছৰীয়া বন্দুকধাৰী যুৱকে মধ্য ৰাছিয়াৰ কাজান চহৰৰ পুৰণি বিদ্যালয়ত গুলীচালনা কৰাৰ ফলত ৯জন লোক নিহত হৈছিল। ইয়াৰ পাছতে পুনৰ আজিৰ আক্ৰমণৰ ঘটনাই সকলোকে শংকিত কৰা পৰিলক্ষিত হৈছে৷
Leave A Comment