National
ব্ৰাজিলঃ কৰ’না মহামাৰীৰ সন্ত্ৰাসে বিগত সময়ছোৱাত তুলি ধৰা ভয়াৱহ ছবিখন আমাৰ জ্ঞাত। সমগ্ৰ বিশ্বই এই মহামাৰীক প্ৰতিহত কৰিবলৈ প্ৰস্তুতি চলাই গৈছে। ইয়াৰ মাজতে এক উদ্ৰেগজনক খবৰ পোহৰলৈ আহিছে। বিশ্বৰ অন্যতম আগশাৰীৰ দেশ ব্ৰাজিলত কৰ’না মাৰন ভাইৰাছৰ কবলত পৰি ৩০০ সাংবাদিকে এতিয়ালৈ প্ৰাণ হেৰুৱাইছে।
২০২০ চনৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ জুলাই মাহলৈকে সাংবাদিকসকলৰ কৰ’নাত মৃত্যু হয়। ব্ৰাজিলৰ নেচনেল ফেডাৰেচন অৱ জাৰ্নালিষ্টছৰ মুৰব্বী মাৰিয়া জোছ ব্ৰাগাই কয় যে, ‘বৰ্তমান টিকাকৰণ কাৰ্যসূচী ব্যাপকৰূপে প্ৰচলন হৈ আছে। ফলত সাংবাদিকসকলৰ মাজত সংক্ৰমণৰ আশংকা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে।’
উল্লেখ্য যে, বিশ্বত সৰ্বাধিক সংখ্যক কৰ’না মহামীৰত মৃত্যু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। আমেৰিকাৰ পাছতে আছে ব্ৰাজিল।এতিয়ালৈকে, দেশখনৰ কৰ’নাত ৫৬৬,৯০০ লোকৰ মৃত্যু হৈছে।আনহাতে ব্ৰাজিলত এতিয়ালৈকে ২কোটি ২৮হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে।
Leave A Comment