• মহানগৰীৰ বানত ডুবিল শ শ বাহন! আবদ্ধ বহু লোক

    আন্তঃৰাষ্ট্ৰীয়
    মহানগৰীৰ বানত ডুবিল শ শ বাহন! আবদ্ধ বহু লোক

    নিউয়ৰ্ক: বানপানীৰ তাণ্ডৱে এতিয়া স্তব্ধ কৰিছে নিউয়ৰ্কবাসীৰ জনজীৱন৷ হাৰিকেন ‘ইডা’ই বুধ আৰু বৃহস্পতিবাৰে কোবাই যোৱাৰ পাছত আমেৰিকাৰ নিউয়ৰ্ক মহানগৰত এতিয়া বানৰ তাণ্ডৱ। প্ৰৱল বৃষ্টিপাতৰ পাছত অভূতপূৰ্ব বানত বিস্তৰ ক্ষতি হৈছে নিউয়ৰ্কৰ জনজীৱনৰ।





    জানিব পৰা মতে নিউয়ৰ্কৰ বহু অংশত বাট-পথত শ শ বাহন ডুব যোৱাৰ লগতে প্লাৱিত হৈ পৰিছে বহু এপাৰ্টমেণ্ট । বানত আবদ্ধ হৈ এতিয়ালৈকে মৃত্যু হৈছে ১৫জনতকৈ অধিক লোকৰ। বৰ্তমানেও বহু লোক আবদ্ধ হৈ আছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে ফ্লেট এপাৰ্টমেণ্টত আবদ্ধ বহু লোকক।





    বানপানীৰ ক্ষতিগ্ৰস্ততাৰ পাছতে ৰাষ্ট্রপতি জ’ বাইডেনে ‍নিউয়ৰ্কৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।