North East
কাবুল : তালিবানৰ দখলত সমগ্ৰ আফগানিস্তান৷ বৰ্তমান মহিলা শূন্য হৈ পৰিছে কাবুলৰ ৰাজপথ৷ হঠাতে দেশখনত বোৰ্খাৰ বিক্ৰী বাঢ়িব ধৰিছে৷ আফগানিস্তানৰ বিভিন্ন বেংকতো তাণ্ডৱ চলাইছে সশস্ত্ৰ তালিবানে৷ বেংকৰ পৰা খেদি পঠিয়াইছে মহিলা কৰ্মচাৰীকো৷ লগতে ভৱিষ্যতে চাকৰিলৈ নাহিবলৈ মহিলাসকলক সকীয়নি প্ৰদান কৰিছে৷
ইয়াৰ লগতে কৰ্মক্ষেত্ৰত কেৱল পুৰুষক নিযুক্তি দিয়াৰ নিৰ্দেশ দিছে তালিবানে৷ আফগানিস্তানৰ বিভিন্ন মানৱ অধিকাৰ কৰ্মীয়ে বিশ্বৰ ৰাষ্ট্রনেতাসকলৰ সহায় ভিক্ষা কৰি আৱেদন জনাইছে৷ ছ’চিয়েল মিডিয়াযোগে আৱেদন মানৱ অধিকাৰ কৰ্মীসকলৰ৷
মহিলাৰ অৱস্থাক লৈ আন্তৰ্জাতিক সাহায্যৰো আৱেদন জনাইছে৷ মহিলাসকললৈ বিভিন্ন নিৰ্দেশনা দি তালিবানৰ বিজ্ঞপ্তি প্ৰদানক লৈ শংকিত হৈছে বিশ্ববাসী৷ চুলিৰ পৰা ভৰিৰ নখলৈকে আবৃত কৰি ৰাখিব লাগিব মহিলাসকলে। বোৰ্খা নিপিন্ধা মহিলা দেখিলেই মাৰধৰ কৰে তালিবানে।
Leave A Comment