• মানৱজাতিৰ ভৱিষ্যতৰ বাবে থিয় দিয়ক মুছলমানে: এৰ্ডোগান

    আন্তঃৰাষ্ট্ৰীয়
    মানৱজাতিৰ ভৱিষ্যতৰ বাবে থিয় দিয়ক মুছলমানে: এৰ্ডোগান

    ইস্তানবুলঃ তুৰ্কীৰ ৰাষ্ট্ৰপতি তায়িপ এৰ্ডোগানে বিশ্বজুৰি মুছলমানসকলৰ ওপৰত দিয়া অপবাদ আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছে। ইস্তানবুলত ইছলামিক কৰ্পোৰেচন য়ুথ ফ'ৰামৰ চতুৰ্থ সাধাৰণ সভাত এৰ্ডোগানে এটা ভিডিঅ’ বাৰ্তাত এই আহ্বান জনায়। মুছলমানসকলৰ প্ৰতি যিকোনো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ আহ্বান জনাই এৰ্ডোগানে কয় যে, ‘চিৰিয়া, আফগানিস্তানৰ পৰা বিশ্বব্যাপী মুছলমানসকলে আজি সংঘৰ্ষ, প্ৰব্ৰজন, দৰিদ্ৰতা আৰু ৰোগৰ সন্মুখীন হৈছে। মুছলমানসকলে তেওঁলোকৰ শান্তি আৰু কল্যাণৰ দায়িত্ব ল’ব লাগিব। আমি গোলকীয় সুৰক্ষা আৰু মানৱজাতিৰ ভৱিষ্যতৰ বাবে অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগিব।’






    তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সদৰী কৰে যে, ‘বিশ্বই এতিয়া মানৱ ইতিহাসৰ ইতিহাসত আটাইতকৈ অস্থিৰ সময় অতিবাহিত কৰিছে। নিৰাপত্তাজনিত সমস্যা, সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু কৰ’না ভাইৰাছে মানুহৰ সুখ-শান্তি কাঢ়ি নিছে।’ বিশ্বজুৰি, বিশেষকৈ পশ্চিমীয়া সমাজত ইছলাম ভীতি বৃদ্ধি পাইছে বুলি উল্লেখ কৰি এৰ্ডোগানে কয় যে, তুৰ্কীয়ে যেতিয়াই সুযোগ পায় তেতিয়াই বিশ্বব্যাপী হোৱা অন্যায়ৰ ওপৰত আলোকপাত কৰে। তেওঁ যুৱসকলক ৰাজনীতি, শিক্ষা, ক্ৰীড়া, ব্যৱসায় আৰু সামাজিক জীৱনত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে।