• সস্তা পেট্ৰ’ল লাগে যদি আফগানিস্তানলৈ যাওক— বিজেপি নেতাৰ পৰামৰ্শ

    আন্তঃৰাষ্ট্ৰীয়
    সস্তা পেট্ৰ’ল লাগে যদি আফগানিস্তানলৈ যাওক— বিজেপি নেতাৰ পৰামৰ্শ

    ভূপাল : তালিবান অধ্যুষিত আফগানিস্তানৰ পৰিস্থিতিয়ে এতিয়া সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি ৰাখিছে। প্ৰাণৰ সংশয়ত দেশ এৰি পলাইছে হাজাৰ হাজাৰ লোকে। তাত আবদ্ধ হৈ পৰা লোকসকলেও সংশয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিৰ মাজতে সস্তা পেট্ৰ’ল বিচাৰি আফগানিস্তানলৈ যোৱাৰ পৰামৰ্শ দিলে বিজেপি নেতাই।





    ইন্ধনৰ দাম বৃদ্ধিক লৈ প্ৰশ্ন কৰাৰ সাংবাদিকক আফগানিস্তানলৈ যোৱাৰ পৰামৰ্শ দিলে নেতাজনে। আফগানিস্তানত পেট্ৰ’লৰ দাম কম বুলি উল্লেখ কৰি এই অপ্ৰীতিকৰ পৰামৰ্শ আগবঢ়ালে বিজেপি নেতাগৰাকীয়ে। মধ্যপ্ৰদেশৰ কাটনি জিলাৰ বিজেপিৰ সভাপতি ৰামৰতন পায়ালক সাংবাদিকে পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী দাম সম্পৰ্কত প্ৰশ্ন কৰিছিল।





    তেওঁ সাংবাদিকগৰাকীক কটাক্ষ কৰি কয়, ‘তালিবানৰ কাষলৈ যাওক। আফগানিস্তানত প্ৰতিলিটাৰ পেট্ৰ’ল ৫০টকাকৈ দামত বিক্ৰী হয়। তাত গৈ পেট্ৰ’ল ভৰাওগৈ। তাত এতিয়া পেট্ৰ’ল ভৰাবলৈ কোনো নাই।’ ভালেমান সমাৰ্থকৰে পৰিৱেষ্টিত হৈ সাংবাদিকগৰাকীৰ এইবুলি কটাক্ষ কৰে বিজেপি নেতাজনে। আনহাতে তেওঁ কোভিড পৰিস্থিতি প্ৰধানমন্ত্ৰী মোডীয়ে অতি তৎপৰতাৰে চম্ভালি লোৱা বুলিও দাবী কৰে। ৮০ কোটি লোকক বিনামূলীয়া ৰেচন দি থকা কথা উল্লেখ কৰি সাংবাদিকজনক তীব্ৰ কটাক্ষ কৰে বিজেপি নেতাজনে।