Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
মান্দালেঃ ম্যানমাৰত বিগত এমাহ ধৰি সামৰিক উত্থানৰ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ মঙলবাৰে দেশখনৰ দ্বিতীয় বৃহৎ চহৰ মান্দালেত সুৰক্ষা বাহিনীয়ে এজনী সাত বছৰীয়া ছোৱালীক হত্যা কৰিছে। জানিব পৰা মতে এই বিক্ষোভত সুৰক্ষা বাহিনীৰ গুলীত মৃত্যু হোৱাসকলৰ ভিতৰত ছোৱালীগৰাকী আটাইতকৈ কম বয়সীয়া৷
আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ
দেশখনৰ চান ম্যা থাজি নামৰ টাউনশ্বিপখনত মৃত্যু হোৱা নাবালিকাগৰাকীৰ নাম খিন মা শ্বিট বুলি জনা গৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, পিতৃৰ কোঁচত বহি থকা অৱস্থাত সৈনিকে তাইৰ দেউতাকলৈ লক্ষ্য কৰি চলোৱা গুলীয়ে তাইৰ শৰীৰত স্পৰ্শ কৰে।
আৰু পঢ়িব পাৰিব : ভাইৰেল ভিডিঅ’ক লৈ সংবাদমেল : বিপদত সৰভোগৰ মহাজোঁটৰ প্ৰাৰ্থী
গুলীবিদ্ধ হোৱাৰ পাছত চিকিৎসাৰ বাবে উদ্ধাৰকাৰী দল এটাই চিকিৎসালয়লৈ নিয়ে যদিও বাটতে শেষ নিঃশ্বাস ত্যাগ কৰে। সৈন্যবাহিনীয়ে ঘটনাটোৰ সম্পৰ্কত এতিয়ালৈকে মুখ খোলা নাই। বৰ্তমানলৈকে দেশখনত প্ৰায় ২৭৫জন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷
Leave A Comment