• স্পাইডাৰমেনৰ জীয়েক! মকৰাৰ দৰে দেৱাল বগোৱা কণমানিজনীৰ ভিডিও ভাইৰেল

    আন্তঃৰাষ্ট্ৰীয়
    স্পাইডাৰমেনৰ জীয়েক! মকৰাৰ দৰে দেৱাল বগোৱা কণমানিজনীৰ ভিডিও ভাইৰেল

    ডিজিটেল ডেস্ক : লেখক ষ্টেন লী আৰু ষ্টিভ ডিটকোৰ দ্বাৰা নিৰ্মিত স্পাইডাৰমেন হলিউডৰ এখন ছুপাৰহিট চিনেমা। চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয়  হিৰ' টবি মাগুৱেৰ  কাৰ্যকলাপসমূহ সেইসময়ত শিশুৰ পৰা বৃদ্ধলৈকে দেখি আপ্লুট হৈছিল। কিন্তু এইবাৰ ৰিল লাইফত নহয় ৰিয়েল লাইফত এগৰাকী কিশোৰীয়ে কৰা কাৰ্যকলাপ দেখি এতিয়া সকলো হতভম্ব।





    কিয়নো মাত্ৰ ৫ বছৰৰ কিশোৰী গৰাকীয়ে চিনেমাৰ স্পাইডাৰমেনৰ দৰে অনায়সে বগাব পাৰে দেৱাল, কোনো সুৰক্ষা সজুলি অবিহনে কিশোৰীগৰাকীয়ে দেৱাল বগোৱা কাৰ্যক দেখি এতিয়া সকলোৱে তেওঁক ৰিয়েল লাইফৰ স্পাইডাৰমেন বুলি অভিহিত কৰিছে।










    কিশোৰীগৰাকীৰ এটা ভিডিঅ' ক্লিপ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ৫৫ ছেকেণ্ডৰ ভিডিঅ' টোত কিশোৰী গৰাকীক দেখা গৈছিল যে এটা কোঠাৰ একোণত থিয় হৈ হাত আৰু ভৰিৰ সহায়ত অনায়সে কিশোৰীগৰাকীয়ে  এখোজ-এখোজকৈ দেৱালৰ ওপৰলৈ বগাই যায় আৰু শেষত একেবাৰে  চিলিং পাইগৈ।





    সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হৈ পৰা কেইমিনিটৰ পাছতে প্ৰায় ১.৩৭ লাখতকৈ অধিক লোকে চোৱাৰ লগতে ৩০০০ লাইক আৰু ৬০০ তকৈ অধিক শ্বেয়াৰ লাভ কৰিবলৈ সক্ষম হৈছে।