• হাফপেণ্টৰ পিছত এইবাৰ লুঙি! লুঙি পৰিধান কৰি পৰীক্ষাত বহা তিনি পৰীক্ষাৰ্থীক বহিষ্কাৰ

    আন্তঃৰাষ্ট্ৰীয়
    হাফপেণ্টৰ পিছত এইবাৰ লুঙি! লুঙি পৰিধান কৰি পৰীক্ষাত বহা তিনি পৰীক্ষাৰ্থীক বহিষ্কাৰ

    ডিজিটেল ডেস্কঃ হাফপেণ্টৰ পিছত এইবাৰ আহিল লুঙি৷ কিছুদিনৰ পূৰ্বে এগৰাকী যুৱতীয়ে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ আহোতে নীৰিক্ষকে যুৱতীগৰাকীক পৰীক্ষাত বহাত বাধা প্ৰদান কৰে৷ ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ৷ এইবাৰ পিছে লুঙিয়ে বিপদত পেলালে তিনি পৰীক্ষাৰ্থীক৷ এই ঘটনা পিছে অসমৰ নহয় বাংলাদেশৰ হে৷









    বাংলাদেশৰ ডিনাজপুৰৰ এখন অভিযান্ত্রিক মহাবিদ্যালয়ত লুঙি পৰিধান কৰি অনলাইন পৰীক্ষাত বহা তিনি শিক্ষার্থীক নিলম্বন কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ এই তিনিও পৰীক্ষাৰ্থীয়ে লুঙি পিন্ধি পৰীক্ষাত বহাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া শিক্ষকে পৰীক্ষাৰ্থীসকলক খিৰিকীৰ মাজেৰে অধিক পোহৰ প্ৰৱেশ কৰাৰ লগে লগে পৰ্দাখন টানিবলৈ নিৰ্দেশ দিছিল। যেতিয়া তেওঁলোকে খিৰিকীৰ পৰ্দা টানিবলৈ উঠিছিল, শিক্ষকে তিনি জন ছাত্ৰক লুঙি পিন্ধি থকা দেখিছিল। লগে লগে তিনিওকে জুমৰ পৰা উলিয়াই দিয়া হৈছিল। তেওঁলোকক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া নহ’ল।









    তিনি ছাত্ৰই অনলাইন পৰীক্ষাত কিয় লুঙি পৰিধান কৰি বহিবলৈ দিয়া নহ’ব বুলি প্রশ্নৰ অৱতাৰণা কৰে যদিও মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলে পৰীক্ষাৰ নিয়ম মানি নোলোৱাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি ঘোষণা কৰে৷