• ৱাশ্বিংটন ডিচিত ট্ৰাম্প সমৰ্থকৰ প্ৰতিবাদৰ গুঞ্জন...

    আন্তঃৰাষ্ট্ৰীয়
    ৱাশ্বিংটন ডিচিত ট্ৰাম্প সমৰ্থকৰ প্ৰতিবাদৰ গুঞ্জন...

    ৱাশ্বিংটনঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে আমেৰিকাৰ ৰাজধানীত পুনৰ একত্ৰিত হোৱাৰ কথা ঘোষণা কৰিছে। ৱাশ্বিংটন ডিচিত ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এক সমদলত ‘জাষ্টিছ ফ’ৰ ৬ জানুৱাৰী’ হিচাপে নামাকৰণ কৰা হৈছে। সমদলটোক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, ট্ৰাম্পৰ সমৰ্থকসকলে বিগত বৰ্ষৰ ৬ জানুৱাৰীত কেপিটল হিলত আক্ৰমণ কৰিছিল।





    কেপিটল হিলত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত এতিয়ালৈকে ৫০০ ৰো অধিক লোকক চিনাক্ত আৰু তদন্ত কৰা হৈছে। তেওঁলোকৰ বহুতকে অপৰাধ আইনৰ অধীনত আদালতত অভিযুক্তও কৰা হৈছে। শেহতীয়াকৈ ট্ৰাম্পৰ সমৰ্থকসকলে মুখ্যতঃ অভিযুক্তসকলক সমৰ্থনৰ উদ্দেশ্যে বিশাল সমাৱেশৰ আয়োজন কৰিছে। ট্ৰাম্প পন্থী ‘প্ৰাউড বয়জ’ নামৰ শ্বেতাংগ উগ্ৰবাদী সংগঠনসমূহকে ধৰি আন একাংশই ১৮ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সমদলটো সাফল্যমণ্ডিত কৰিবলৈ অনলাইনযোগে প্ৰচাৰ কাৰ্য চলাই আছে। আনহাতে, ট্ৰাম্প বিৰোধী 'ব্লেক লাইভছ মেটাৰ'কে ধৰি আন কিছুমান উদাৰবাদী সংগঠনে একেদিনাই ৱাশ্বিংটন ডিচিত এক বিশাল ৰেলী অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰিছে। সম্প্ৰতি প্ৰতিবাদী সমদল ঘোষণাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত এক প্ৰকাৰৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।






    sv388sv388sabung ayam onlinesv388agen sabung ayamscatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777slot gacoragen casino onlinelink slot gacorslot777casino onlinesv388judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino online