Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ৱাশ্বিংটন : ক'ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ ত্ৰাসত স্তব্ধপ্ৰায় ভাৰতৰ কাষত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান গুগল। ভাৰতৰ ক্ৰমবৰ্দ্ধমান ক'ভিড-১৯ পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই আৰু মাইক্ৰ’ছফ্টৰ সত্য নাডেলাক| ইউনিচেফৰ জৰিয়তে ভাৰতলৈ ১৩৫ কোটি টকাৰ অৰিহণা আগবঢ়াব বুলি সুন্দৰ পিচায়ে টুইটাৰ যোগে সদৰি কৰিছে| সংস্থাটোৰ জৰিয়তে ভাৰতৰ স্বাস্থ্য আন্তঃগাঠনি সংক্ৰান্তত পাৰ্যমানে সকলো ধৰণৰ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে সংস্থা দুটাই|
আৰু পঢ়িব পাৰিব : অ’এনজিচিৰ কৰ্মচাৰী অপহৰণকাণ্ডত জড়িত ৩ আৰক্ষী জোৱান !
‘ভাৰতৰ ক্ৰমবৰ্দ্ধমান ক'ভিড পৰিস্থিতিয়ে সৃষ্টি কৰা সংকটাপন্ন অৱস্থা দেখি মই মৰ্মাহত’ বুলি সুন্দৰ পিচাইয়ে মন্তব্য কৰিছে|আনহাতে সত্য নাডেলাই লিখিছে 'হৃদয়বিদাৰক!' এই নিদাৰুণ পৰিস্থিতিৰ সময়ত ভাৰতৰ প্ৰযুক্তিগত সকলো সাহায্য আৰু অক্সিজেন চিলিণ্ডাৰ ক্ৰয়ৰ বাবেও ভাৰতক সাহায্যৰ হাত আগবঢ়াব বুলি সত্য নাডেলাই মন্তব্য কৰিছে|
আৰু পঢ়িব পাৰিব : বিনামূলীয়া প্ৰতিষেধক : বাট দেখুৱাইছে দিল্লী চৰকাৰে
উল্লেখ্য যে, সংকটপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপৰাষ্ট্ৰপতি কমলা হেৰিছে ভাৰতলৈ সাহায্য প্ৰেৰণ কৰিছে| সহোযোগিতাৰ বাৰ্তা প্ৰেৰণ কৰিছে ব্ৰিটেইন চৰকাৰেও| ভেন্টিলেটৰকে ধৰি অক্সিজেন চিলিণ্ডাৰ সহিতে একাধিক চিকিৎসাকেন্দ্ৰৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি সদৰি কৰিছে ব্ৰিটেইন চৰকাৰে|
Leave A Comment