National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
হায়দৰাবাদত : অপৰাধ নিয়ন্ত্ৰণ বিভাগ দিনে দিনে অধিক কৌশলী আৰু প্ৰযুক্তিৰে সমৃদ্ধ হৈ আহিছে।সমান্তৰালভাৱে অপৰাধীৰ মগজুও দিনে দিনে চোকা হৈ আহিছে।অপৰাধ কাৰ্যত সফল হ'বলৈ এতিয়া অপৰাধীয়ে নিত্য নতুন কৌশল বিচাৰি উলিয়াইছে।
এইক্ষেত্ৰত চোৰাং ব্যৱসায়ীসকলেই সম্ভৱতঃ সবাতোকৈ আগবঢ়া।শেহতীয়াকৈ চোৰাং ব্যৱসায়ীৰ উদ্ভাৱন ক্ষমতাৰ প্ৰমাণ পোৱা গ'ল হায়দৰাবাদত।হায়দৰাবাদৰ শুল্ক বিভাগে শ্বাৰজাহৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ অন্তৰ্বাসৰ পৰা উদ্ধাৰ কৰিছে ৪৩.৫৫ লাখ টকা মূল্যৰ সোণ।৮৯৫.২০ গ্ৰাম ওজনৰ এই সোণখিনি পেষ্টৰ ৰূপত ভাৰতীয় নাগৰিকজনে নিজৰ অন্তৰ্বাসৰ ভিতৰত ভৰাই ৰাখিছিল। সোণৰ পেষ্টটো প্লাষ্টিকৰ এক পাত্ৰত ভৰাই তেওঁ নিজৰ অন্তৰ্বাসত লুকুৱাই আনিছিল।এই সংক্ৰান্তত সোণৰ চোৰাং সৰবৰাহ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰি হায়দৰাবাদৰ শুল্ক বিভাগ তথা আৰক্ষী প্ৰশাসনে জোৰদাৰ তদন্ত চলাই আছে।
উল্লেখ্য যে সোণৰ চোৰাং ব্যৱসায়ীয়ে সোণ সৰবৰাহ কৰাৰ বাবে নিত্য নতুন কৌশল ব্যৱহাৰ কৰি আহিছে।অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ শৰীৰৰ ভিতৰত সোণ সংস্থাপন কৰি সৰবৰাহ কৰাৰ ঘটনাও আৰক্ষীৰ হাতত ধৰা পৰিছে।কিছুদিন পূৰ্বে কেৰেলা আৰক্ষীয়ে পেণ্টৰ চিলাইৰ দুই তৰপৰ মাজত অতি কৌশলেৰে কঢ়িয়াই অনা ১৪ লাখ টকা মূল্যৰ সোণ ধৰা পেলায়।জুলাই মাহত চেন্নাইৰ শুল্ক বিভাগে সৰবৰাহকাৰীয়ে নিজৰ পায়ুত সুমুৱাই অনা প্ৰায় ৪০ লাখ টকা মূল্যৰ সোণ ধৰা পেলাইছিল।যি নহওঁক, চোৰাং সৰবৰাহকাৰীৰ শেহতীয়া সক্ৰিয়তাৰ পৰা সোণৰ এন্ধাৰ বজাৰখনৰ প্ৰসাৰিত সাম্ৰাজ্যৰেই উমান লাভ কৰিব পাৰি।
Leave A Comment