• আজৱ কাণ্ড! বৌদ্ধমঠত গৈ ভগৱান নহয়, ‘চেক্স টয়’ উপাসনা কৰিলে কেইবাজনো লোকে, ক’ত?

    আন্তঃৰাষ্ট্ৰীয়
    আজৱ কাণ্ড! বৌদ্ধমঠত গৈ ভগৱান নহয়, ‘চেক্স টয়’ উপাসনা কৰিলে কেইবাজনো লোকে, ক’ত?

    ডিজিটেল ডেস্কঃ সাধাৰণতে
    পৱিত্ৰ ধৰ্মস্থানসমূহত মানুহে গৈ ঈশ্বৰক উপাসনা কৰে। কিন্তু ম্যানমাৰৰ এটা বৌদ্ধ
    মঠত যি কাণ্ড ঘটিল সেয়া শুনি আপুনি আচৰিত হৈ পৰিব। মঠটোত গৈ কেইবাজনো ভক্তই যৌন
    পুতলা তথা চেক্স টয় উপাসনা কৰাৰ অভিযোগ উঠিছে।



    জানিব পৰা মতে, ম্যানমাৰৰ
    শ্বেনডং পাগোডাত ৮ জন লোকৰ এটা দল উপস্থিত হয়। দলটোত আছিল দুটা ছেক্স টয়। তেওঁলোকে
    তেনেদৰেই বৌদ্ধ মঠটোৰ ভিতৰলৈ সোমোৱাৰো চেষ্টা কৰিছিল।



    কিন্তু
    নিৰাপত্তাৰক্ষীয়ে মঠটোৰ ভিতৰলৈ সোমোৱাত লোককেইজনক বাধা দিয়ে। শেষত তেওঁলোকে মঠৰ
    পাৰ্কিং প্লেচতে চেক্স টয়বিলাক ৰাখে আৰু বিভিন্ন ধৰণৰ উপাসনা কৰিব ধৰে।



    উল্লেখ্য যে শ্বেনডং
    পাগোডা ম্যানমাৰৰ অন্যতম পৱিত্ৰ ধৰ্মস্থলী। বিশ্বৰ বহু বৌদ্ধধৰ্মী লোকে পাগোডাটোত
    উপাসনা কৰি আহিছে। তেনেস্থলত তাত চেক্স টয় উপাসনা কৰাক লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ
    সৃষ্টি কৰিছি।



    কিয় এই আজৱ কাণ্ড
    তেওঁলোকে কৰিছিল, সেই বিষয়ে নিৰাপত্তাৰক্ষীসকলে কয় যে চেক্স টয়সমূহ উপাসনা কৰাৰ
    সময়ত লোককেইজনে বশীকৰণ মন্ত্ৰ মাতিছিল।



    কেৱল ইমানেই নহয়,
    চেক্স টয়সমূহ বৌদ্ধ ধৰ্মৰ কিছু চৰিত্ৰৰ অনুকৰণত সজোৱা হৈছিল। উল্লেখ্য যে এটা
    চেক্স টয়ৰ বজাৰমূল্য ২ লাখৰো অধিক।



    সমগ্ৰ ঘটনাটোৰ ওপৰত
    তদন্ত অব্যাহত ৰাখিছে ম্যানমাৰৰ ধৰ্ম আৰু সংস্কৃতি মন্ত্ৰালয়। লোককেইজনৰ ওপৰত
    বৌদ্ধ ধৰ্মক অপমান কৰাৰ অভিযোগ উঠিছে। অভিযোগ প্ৰমাণিত হ’লে কঠোৰ ব্যৱস্থা লোৱা
    হ’ব বুলি মন্ত্ৰালয়ে জনাইছে।