• চাৰে তিনি কোটি টকা খৰচ কৰি ধুনীয়া হৈ পৰিল এইগৰাকী মহিলা! বাছি ল’লে কেবচালকৰ পেচা, কোন তেওঁ?

    আন্তঃৰাষ্ট্ৰীয়
    চাৰে তিনি কোটি টকা খৰচ কৰি ধুনীয়া হৈ পৰিল এইগৰাকী মহিলা! বাছি ল’লে কেবচালকৰ পেচা, কোন তেওঁ?
    ডিজিটেল ডেস্কঃ বাদামী চুলি। নীলা দুচকু। পাতল গোলাপী ওঁঠ। মাখনতকৈও মসৃণ শৰীৰ। ৩০ বছৰীয়া নেনী হামণ্ডৰ ৰূপ-সৌন্দৰ্যৰ তুলনা নাই৷ কিন্তু নেনী পেছাত মডেল বা অভিনেত্ৰীও নহয়, কেব চালকহে।

    শেহতীয়াকৈ তেওঁ তিনি কোটি টকা খৰচ কৰি প্লাষ্টিক চাৰ্জাৰী কৰিছে। তেতিয়াৰ পৰাই তেওঁক দেখিবলৈ পুতলাৰ দৰে লাগিছে। তাৰপাছতে নেনীয়ে এনে এটা পেছাত যোগদান কৰাৰ সিদ্ধান্ত লয় যিটো বৃত্তিত সাধাৰণতে মহিলাৰ ভিৰ কম। তেওঁ নিজৰ গাড়ী চলোৱাৰ দক্ষতাক সদ্ব্যৱহাৰ কৰিবলৈ ধৰিলে।

    নেনীয়ে কেব কোম্পানী এটাৰ লগত যোগাযোগ কৰিলে। কেইদিনমানৰ ভিতৰতে তেওঁ কামত যোগ দিলে। তেতিয়াৰ পৰাই সকলোৱে তেওঁৰ কেবত উঠিব বিচাৰে। নেনীৰ ৰূপত পুৰুষ-মহিলা উভয়ে মুগ্ধ হৈ পৰে।

    এবাৰ এজন পুৰুষ যাত্ৰীয়ে নেনীৰ গাড়ীত উঠিলে আৰু নামিবলৈ ইচ্ছা কৰা নাছিল। পুলিচৰ সহায়তহে যাত্ৰীজনক নমোৱা হৈছিল৷

    কেইমাহমান আগতে নেনীৰ বিবাহ বিচ্ছেদ হৈছিল। সম্পৰ্কৰ সময়ছোৱাত নেনীয়ে স্বামীৰ গাড়ীখন কেব হিচাপে চলাইছিল। কিন্তু সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত তেওঁ এটা কোম্পানীৰ গাড়ী চলাই আহিছে৷ কিছুদিন পূৰ্বে তেওঁ আটাইতকৈ জনপ্ৰিয় কেব চালকৰ স্বীকৃতিও লাভ কৰিছে৷