• শেষ হ’ল ক’ভিড মহামাৰী! জনালে বিশ্ব স্বাস্থ্য সংস্থাই

    আন্তঃৰাষ্ট্ৰীয়
    শেষ হ’ল ক’ভিড মহামাৰী! জনালে বিশ্ব স্বাস্থ্য সংস্থাই
    ডিজিটেল ডেস্কঃ আৰু নাই কৰ’না মহামাৰী! আতংকৰ পৰা মুক্ত হৈছে বিশ্ব। কোভিড-১৯ৰ বাবে এতিয়া বিশ্বব্যাপী জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন নাই। বৰ্তমান এই মহামাৰী অন্তিম পৰ্যায়ত আছে। বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এই কথা।

    বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘই  জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ অৱসান ঘোষণা কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

    বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম গেব্ৰিয়াছুছে কয়- ''কোভিড-১৯ক এতিয়া বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি গণ্য কৰাৰ প্ৰয়োজন নাই। কিন্তু জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ অৰ্থ এইটো নহয় যে কোভিড-১৯ আশংকা সম্পূৰ্ণৰূপে শেষ হৈছে। আজিও বিশ্বৰ মানুহৰ বাবে ই এক স্বাস্থ্যজনিত সমস্যা।’’

    বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ মুৰব্বীগৰাকীয়ে কয়- ''কোভিড-১৯ৰ বাবে সৰ্বোচ্চ সতৰ্কতা জাৰি কৰা হৈছিল তিনি বছৰতকৈও অধিক পূৰ্বে ২০২০ চনৰ ৩০ জানুৱাৰীত। কাৰণ বিশ্বত কোভিড সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছিল। কোভিড-১৯ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন আৰু চিকিৎসা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰা হৈছে।’’

    বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড-১৯য়ে বিশ্বক সলনি কৰি পেলাইছে। ইয়াৰ পৰা ভৱিষ্যত প্ৰজন্মই শিকিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২১ চনৰ জানুৱাৰী মাহত প্ৰতি সপ্তাহত মৃত্যুৰ হাৰ আছিল ১ লাখ। বৰ্তমান প্ৰতি সপ্তাহত মৃত্যুৰ সংখ্যা ৩৫০০ৰ অলপ বেছি।

    বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ বহু দেশে এই মহামাৰীৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰিছে। বহু দেশে জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে।