• সংস্কৃতি এক বোঁৱতী সুতি ভাৰতৰ চাৰিসীমা ভেদি হোৱাইট হাউচত উদযাপিত হ’ল দীপাৱলী

    আন্তঃৰাষ্ট্ৰীয়
    সংস্কৃতি এক বোঁৱতী সুতি  ভাৰতৰ চাৰিসীমা ভেদি হোৱাইট হাউচত উদযাপিত হ’ল দীপাৱলী
    ডিজিটেল ডেস্ক
    কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই ভাৰতীয় সংস্কৃতি তথা ভাৰতীয় সভ্যতা৷ ভাৰতৰ সীমা ভেদি এইবাৰ  হোৱাইট হাউচত পালেগৈ পোহৰৰ উৎসৱ দীপাৱলী৷ সোমবাৰে আটাইতকৈ ডাঙৰ দেৱালী অভ্যৰ্থনাৰ আয়োজন কৰা হয় হোৱাইট হাউচত। এই উদযাপন অনুষ্ঠানত উপস্থিত থাকে জো বাইডেন প্ৰশাসনৰ কেইবাজনো ভাৰতীয় আমেৰিকান ৷
    কোটি কোটি হিন্দু, জৈন, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে সমগ্ৰ বিশ্বতে এই পোহৰ উৎসৱ উদযাপন কৰে। জো বাইডেনে দেৱালীক আমেৰিকান সংস্কৃতিৰ এক সুন্দৰ অংশ হিচাপে গঢ়ি তোলাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এছিয়ান আমেৰিকান সম্প্ৰদায়ক প্ৰশংসা কৰে৷ 

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিজনে হোৱাইট হাউচত দেৱালী উদযাপনৰ সময়ত উপস্থিত থকাসকলক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "আপোনাৰ ভ্ৰমণ আমাৰ বাবে এক বিশেষাধিকাৰ।  প্ৰথমবাৰৰ বাবে হোৱাইট হাউচে এনেদৰে  দেৱালী অভ্যৰ্থনাৰ  আয়োজন কৰিছে। যিহেতু এতিয়া আগতকৈ অধিক এছিয়ান আমেৰিকান আছে, সেয়েহে দেৱালী উৎসৱক আমেৰিকাৰ এক আনন্দময় অংশ হিচাপে গঢ়ি তোলাত সহায় কৰাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো।"

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, "আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ কেবিনেটৰ উপস্থিতিত আমি চাকি জ্বলাবলৈ পাই  সৌভাগ্যৱান, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নেতৃত্বত, যি হৈছে প্ৰথম দক্ষিণ এছিয়া আৰু কৃষ্ণাঙ্গ আমেৰিকান যি এই পদত অধিষ্ঠিত হৈছে।"

    ইয়াৰোপৰি বাইডেনে দক্ষিণ এছিয়াৰ সম্প্ৰদায়সমূহক  ইয়াৰ দৃঢ়তা, আশা আৰু সহানুভূতিশীল প্ৰকৃতিৰ বাবে প্ৰশংসা কৰে।