• কোনখন দেশৰ নাগৰিকে বেছিকৈ মদ খায়? শেহতীয়াকৈ প্ৰকাশ পোৱা এখন তালিকাত ভাৰতৰ স্থান কিমান? জানক

    আন্তঃৰাষ্ট্ৰীয়
    কোনখন দেশৰ নাগৰিকে বেছিকৈ মদ খায়? শেহতীয়াকৈ প্ৰকাশ পোৱা এখন তালিকাত ভাৰতৰ স্থান কিমান? জানক
    ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে আটাইতকৈ কোনখন দেশৰ নাগৰিকে বেছি মদ্যপান কৰে? মদ্যপানৰ ক্ষেত্ৰত পৃথিৱীৰ কোনখন দেশ আগবাঢ়ি আছে জানেনে? ভাৰত এই তালিকাৰ কোন স্থানত আছে?

    worldranking.com ৱেবছাইটত দিয়া তথ্য অনুসৰি তালিকাখনৰ প্ৰথম স্থানত থকা দেশখনৰ নাম হৈছে ছিচেলছ। পূব আফ্ৰিকাৰ এই দেশখনত প্ৰতিজন ব্যক্তিয়ে বছৰি সেৱন কৰা মদ্যপানৰ পৰিমাণ ২০.৫ লিটাৰ।

    আফ্ৰিকাৰে আন এখন দেশ উগাণ্ডা দ্বিতীয় স্থানত আছে। সেই দেশত বাৰ্ষিক  প্ৰতিজন আনুহে ১৫.৯ লিটাৰকৈ মদ পান কৰে

    তৃতীয় স্থানত আছে চেক গণৰাজ্য। এই দেশত বছৰি প্ৰতিজন মানুহে ১৪.৪৫ লিটাৰ সুৰা সেৱন কৰে।

    লিথুৱেনিয়া চাৰি নম্বৰত আছে। লিথুৱেনিয়াত বাৰ্ষিক প্ৰতিজন মানুহে গড় হিচাপত ১৩.২২ লিটাৰ মদ সেৱন কৰে।

    পঞ্চম স্থানত আছে লাক্সেমবাৰ্গ। সেই দেশত প্ৰতিজন ব্যক্তিয়ে বছৰি ১২.৯৪ লিটাৰ সুৰা কৰে।

    তালিকাখনত ভাৰতৰ স্থান ১০৩। জনমূৰি হিচাপত ভাৰতত প্ৰতিজন মানুহে বছৰি ৫.৫৪ লিটাৰকৈ মদ পান কৰে।