• ''মোক বিষাক্ত বেজী দি হত্যাৰ চেষ্টা চলোৱা হৈছে’’- গ্ৰেপ্তাৰৰ পাছতে এই দাবী কৰিলে ইমৰাণ খানে

    আন্তঃৰাষ্ট্ৰীয়
    ''মোক বিষাক্ত বেজী দি হত্যাৰ চেষ্টা চলোৱা হৈছে’’- গ্ৰেপ্তাৰৰ পাছতে এই দাবী কৰিলে ইমৰাণ খানে
    ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ পিছতে পাকিস্তানত তোলপাৰ লাগিছে। শেহতীয়াকৈ ইমৰাণে তেওঁৰ ওপৰত বিহ প্ৰয়োগ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে। আদালতত থিয় হৈ ইমৰানে কয় যে জিম্মাত তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছে।

    ইমৰাণ খানক দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ইছলামবাদৰ আদালতে তেওঁক ৮ দিনৰ বাবে দুৰ্নীতি বিৰোধী শাখাৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

    মঙলবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় ইমৰাণক। তাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। শ্বাহবাজ শ্বৰীফৰ আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰৰ সাক্ষী মকছুদ চাপ্ৰাছিৰ মৃত্যুৰ দৰে একেই ভাগ্য তেওঁৰো হ’ব পাৰে বুলি আশংকা কৰিছে ইমৰাণ খানে।

    পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আদালতত কয়, ‘যোৱা ২৪ ঘন্টাত এবাৰো শৌচাগাৰলৈ যাবলৈ দিয়া হোৱা নাই। দেখাত মই মকছুদ চাপ্ৰাছিৰ দৰে বলি হ’ম। তেওঁক বিশেষ বেজী দিয়া হৈছিল। ফলত তেওঁৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছিল। শেষত হৃদৰোগত মৃত্যু হয়। মইও অনুভৱ কৰোঁ যে একেটা বিষাক্ত বেজীয়ে মোক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিব।”

    ইমৰাণক ১৪ দিনৰ বাবে জিম্মাত ৰখাৰ অনুমতি বিচাৰিছিল যদিও পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৮ দিন জিম্মাত থাকিব। তেওঁ আদালতত কয় যে তেওঁৰ ব্যক্তিগত চিকিৎসকক জিম্মাত লৈ যাত্ৰা কৰিবলৈ দিয়া উচিত। অৱশ্যে ইমৰাণৰ এই আবেদন গ্ৰহণ কৰা হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।