• ইমৰাণ খানলৈ সকাহ! প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰক অবৈধ ঘোষণা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

    আন্তঃৰাষ্ট্ৰীয়
    ইমৰাণ খানলৈ সকাহ! প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰক অবৈধ ঘোষণা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ
    ডিজিটেল ডেস্কঃ ইমৰাণ খানৰ গ্ৰেপ্তাৰ অবৈধ৷ বৃহস্পতিবাৰে এই ঘোষণা কৰিছে  পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে৷  পাকিস্তানৰ মুখ্য ন্যায়াধীশ ওমৰ আতা বান্দিয়ালে প্ৰশ্ন কৰে যে আদালতৰ চৌহদৰ পৰা কেনেকৈ এজন লোকক গ্ৰেপ্তাৰ কৰিব পাৰে? প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শীঘ্ৰেই মুকলি কৰি দিবলৈয়ো নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

    বৃহস্পতিবাৰে আল কাদিৰ ট্ৰাষ্টৰ গোচৰত পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পি টি আই) অধ্যক্ষ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এই মন্তব্য কৰে।

    পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰো (নেশ্যনেল একাউন্টেবিলিটি ব্যুৰো-এন এ বি)ক এক ঘন্টাৰ ভিতৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

    সেইমৰ্মে বিয়লি ৪:৩০ বজাৰ ভিতৰত হাজিৰ হ’ব লাগিছিল যদিও ৫:৪০ বজাত হাজিৰ কৰা হয়। ১৫খন বাহনৰ বেষ্টনিত ইমৰাণ খানক আদালতলৈ অনা হয়।

    উচ্চতম ন্যায়ালয়ৰ এই ৰায় ইমৰাণ খান আৰু তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ বাবে সকাহজনক হ’ব বুলি কোৱা হৈছে।