• প্ৰেমত পৰিল এহাল ভিন ভিন দেশৰ যুৱক-যুৱতী! কিন্তু নাজানে দুয়ো দুয়োৰে ভাষা! ভাষাৰ বাধা নেওচি দুবছৰ ধৰি সম্পৰ্কত আছে দুয়ো, কেনেকৈ?

    আন্তঃৰাষ্ট্ৰীয়
    প্ৰেমত পৰিল এহাল ভিন ভিন দেশৰ যুৱক-যুৱতী! কিন্তু নাজানে দুয়ো দুয়োৰে ভাষা! ভাষাৰ বাধা নেওচি দুবছৰ ধৰি সম্পৰ্কত আছে দুয়ো, কেনেকৈ?
    ডিজিটেল ডেস্কঃ বয়স, জাতি, ধৰ্ম, একোৱেই প্ৰেমৰ বাধা হ’ব নোৱাৰে। এনে বহু উদাহৰণ আছে। কিন্তু ইজনে সিজনৰ ভাষা নজনাকৈ প্ৰেমত পৰাটো সম্ভৱনে? তেন্তে ইয়াৰ উত্তৰ হ’ব সম্ভৱ!

    ইংলেণ্ডৰ ক্ল’ স্মিথ আৰু ইটালীৰ ডেনিয়েল মাৰিস্কোৰ মাজত চলি থকা প্ৰেমৰ সম্পৰ্কই এই কথাকে সুঁৱৰাই দিছে। ইজনে সিজনৰ ভাষা বুজি নাপায়। গুগল ট্ৰেন্সলেট ব্যৱহাৰ কৰি এই কথা-বতৰা পাতে দুয়ো। তেনেকৈয়ে ভাষাৰ বাধা অতিক্ৰম কৰি দুয়ো প্ৰেমত বান্ধ খাই পৰিল।

    দুবছৰমান আগতে ইবিজাৰ এটা নাইট ক্লাবত ২৩ বছৰীয়া ক্ল’ই ২৫ বছৰীয়া ডেনিয়েলক লগ পাইছিল। ইজনে সিজনৰ ভাষা নাজানিলেও ক্ল’ই ডেনিয়েলৰ প্ৰতি আকৰ্ষিত হয়। ক্ল’-ইয়ে প্ৰথমে ডেনিয়েলক বন্ধুত্বৰ হাত আগবঢ়াইছিল। তাই ডেনিয়েলক ইমানেই ভাল পায় যে ক্ল’ই তাৰ ফোন নম্বৰটো বিচাৰে।

    প্ৰেমৰ প্ৰাৰম্ভিক পৰ্যায়ত ইজনে সিজনৰ লগত কথা পাতি সম্পৰ্কৰ ভেটি মজবুত কৰে। কিন্তু দুয়োজনে নাজানে ইজনে সিজনৰ ভাষা। ভাষাৰ বাধাৰ কথা তেওঁলোকে গুৰুত্ব নিদিলে।

    ইজনে সিজনক ভালদৰে বুজিবলৈ একেলগে ভিডিঅ’ আৰু চিনেমা চাবলৈ ধৰিলে। তেওঁলোকে নিজৰ ভাষা বুজিবলৈ গুগল ট্ৰেঞ্চলেটৰৰ ওপৰত নিৰ্ভৰ কৰে।

    পৰিচয়ৰ এসপ্তাহৰ ভিতৰতে ক্ল’ই ডেনিয়েল আৰু তেওঁৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ ইটালীৰ নেপলছলৈ যাত্ৰা কৰে। ডেনিয়েলে কয় যে, ''এই সকলোবোৰ প্ৰেমৰ বাবেই সম্ভৱ হৈছিল। ক্ল’ই বহুত কথা পাতিছিল আৰু হাঁহিছিল। তেওঁৰ ভাষা মই বুজি পোৱা নাছিলো। মই মাথোঁ বুজিলোঁ যে তেওঁ আনতকৈ পৃথক। প্ৰথম দেখাৰ পৰাই ভাল পাইছিলোঁ। মই সিদ্ধান্ত ললোঁ যে তেওঁক মোৰ জীৱন সংগী কৰি ল’ম।’’

    দুবছৰ ধৰি ক্ল’-ডেনিয়েলৰ সম্পৰ্ক চলি আহিছে। ক্ল’ই ডেনিয়েলক ইংৰাজী শিকোৱাৰ দায়িত্ব লয় আৰু ডেনিয়েলে ক্ল’ক ইটালীয় খাদ্য কেনেকৈ খাব লাগে শিকোৱাৰ দায়িত্ব লয়। ইজনে সিজনৰ ভাষা নুবুজিলেও ইজনে সিজনৰ লগত জীৱনটো কটাবলৈ উলাইছে।