• প্ৰাচীন মিছৰৰ ৰজাৰ অভিশাপ! ৬০০ বছৰ ধৰি অক্ষত থকা এটা সমাধিস্থলত প্ৰৱেশ কৰি তেজ বমি হ’ল এইজন গৱেষকৰ

    আন্তঃৰাষ্ট্ৰীয়
    প্ৰাচীন মিছৰৰ ৰজাৰ অভিশাপ! ৬০০ বছৰ ধৰি অক্ষত থকা এটা সমাধিস্থলত প্ৰৱেশ কৰি তেজ বমি হ’ল এইজন গৱেষকৰ
    ডিজিটেল ডেস্কঃ সমাধিস্থলত প্ৰৱেশ কৰি গৱেষণা কৰি থাকোঁতেই গৱেষকৰ মৃত্যু! এনেধৰণৰ ঘটনাৰ সংখ্যাও কম নহয়। ইজিপ্তৰ সমাধিস্থলীসমূহত থকা মাম্মীসমূহ গৱেষণা কৰি থকা অৱস্থাতেই অনেক গৱেষকৰ মৃত্যু হৈ আহিছে। বহুতে এইসমূহ ঘটনাৰ আঁৰত ‘ফাৰাওৰ অভিশাপ’ ততা 'ৰজাৰ অভিশাপ’ আছে বুলি কয়। কোৱা হয় যে সেই মাম্মীবোৰক পহৰা দিবলৈ পুৰোহিতসকলে 'অশৰিৰী আত্মা’ কিছুমানক নিযুক্ত দিয়ে। যাৰ ফলত গৱেষকসকলৰ মৃত্যু হয়। এই সন্দৰ্ভত বহু বিতৰ্কৰ সৃষ্টি হৈছে।

    শেহতীয়াকৈ এজন বিশেষজ্ঞই এই সন্দৰ্ভত এক অদ্ভুত দাবী উত্থাপন কৰিছে। পুনৰ আৰম্ভ হৈছে জল্পনা-কল্পনা। এশ বছৰৰো অধিক সময় অক্ষত অৱস্থাত থকা সমাধি এটাত ৰামি ৰোমানী নামৰ এজন গৱেষকে প্ৰৱেশ কৰিলে। তেওঁৰ এই সমগ্ৰ গৱেষণা কেমেৰাত বন্দী কৰা হৈছে।

    ৰোমানীেয়ে দাবী কৰা মতে. সেই সমাধিস্থলত প্ৰৱেশ কৰাৰ পিছতে তেওঁ এটা অদ্ভুত অভিজ্ঞতা লাভ কৰিছিল। তেওঁ বিশ্বাস কৰিবলৈ বাধ্য হৈছিল যে "ফাৰাওসকলৰ অভিশাপে" মিচৰৰ প্ৰাচীন সমাধিবোৰত সঁচাকৈয়ে ছাঁ পেলায়।

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বাসিন্দা ৰোমানী হৈছে প্ৰাচীন ইজিপ্তৰ এজন গৱেষক। ইজিপ্তৰ এটা সমাধিত থকা এটা মাম্মী চিনাক্ত কৰিবলৈ তেওঁ চেষ্টা কৰি আছিল। তেওঁ ভাবিছিল যে সমাধিটো বাইবেলত বৰ্ণিত এজন ঐতিহাসিক ব্যক্তিৰ সমাধি।

    ৰোমানী নিশ্চিত আছিল যে সেই মাম্মীটো প্ৰাচীন মিচৰৰ সম্ৰাট আখেনাটেনৰ। এটা চেনেলত তেওঁ সেই সমাধিস্থলত প্ৰৱেশৰ লাইভ কৰি আছিল। সেই সময়তে তেওঁ ভয়ংকৰভাৱে অসুস্থ হৈ পৰিল। আনকি তেওঁ তেজ বমিও কৰিছিল। তাৰপাছৰে পৰাই জল্পনা-কল্পনাৰ সৃষ্টি হয়।

    ৰোমানীয়ে সাংবাদিকৰ আগত ক’লে, “সেই সমাধিটোৰ ভিতৰলৈ কোনোৱে কেতিয়াও যোৱা নাই। আখেনাটেনৰ বিষয়ে মই তথ্য সংগ্ৰহ কৰিবলৈ গৈছিলো।''

    ৰোমানীৰ মতে কমেও ৬০০ বছৰ ধৰি কোনো লোক এই সমাধিস্থলত প্ৰৱেশ কৰা নাছিল। সমাধিটো খোলা হোৱাও নাছিল। ৰোমানী আৰু তেওঁৰ সহায়কসকলে প্ৰৱেশদ্বাৰত থকা শিলটো আঁতৰাই ভিতৰলৈ প্ৰৱেশ কৰাৰ সময়ত সাপৰ হিঁচহিঁচ শব্দও শুনিছিল।

    তাৰ পিছত ৰোমানীয়ে ভিডিঅ’ ৰেকৰ্ডিং আৰম্ভ কৰিলে। তাত তেওঁ কোৱা শুনা গ'ল, "মই সমাধিৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। বহুত বস্তু পাইছো। মোৰ উশাহ-নিশাহ গধুৰ হৈ আহিছে। চাৰিওফালে ভেকুলী-বেং। ভয়ংকৰ দুৰ্গন্ধ। সমাধিৰ পৰা ওলাই অহাৰ পাছত শৰীৰটো ভাল লগা নাই।’’

    ৰোমানীয়ে দাবী কৰে যে এই সকলোবোৰ তেওঁৰ লগত ঘটিছিল মাম্মীৰ ‘অভিশাপ’ৰ ফলতে। যদিও লাইভ শ্ব’টোৰ আয়োজকে দাবী কৰে যে সাপ আৰু বেংঙৰ দুৰ্গন্ধৰ বাবেই ৰোমানী অসুস্থ হৈ পৰিছিল।

    সমাধিস্থলত প্ৰৱেশ কৰাৰ পিছদিনাৰ পৰা ৰোমানীৰ অসুখ বাঢ়ি আহিল। উচ্চমাত্ৰাত জ্বৰ হ’ব ধৰিলে। ৰোমানীয়ে কয় যে জ্বৰ ১০৭ ডিগ্ৰী পৰ্যন্ত হয়। চেতনাহীনতা আৰু ৰক্তক্ষৰণ আৰম্ভ হ’ল।

    ৰোমানীয়ে কয় যে ‘হেলুচিনেচন’ হ’বলৈও ধৰে। তেওঁৰ এই অসুস্থতাত ঘৈণীয়েক চিন্তিত হৈ পৰিল। তাই ভাবিছিল যে তাইৰ স্বামী বাচি নাথাকিবও পাৰে। ৰোমানীয়ে নিজেও ভাবিছিল যে তেওঁৰ মৃত্যু হ’ব পাৰে।

    তাৰপাছতে কেইবাজনো চিকিৎসক তেওঁৰ ওচৰলৈ গৈছিল। ৰোমানীয়ে তেওঁলোকক সকলো কথা ক’লে। ডাক্তৰে ক’লে যে সমাধিটোত থকা ধূলি, সাপ আৰু বেঙৰ দুৰ্গন্ধৰ বাবেই এই ৰোগ হৈছে।

    অৱশ্যে ৰোমানীয়ে এইসমূহ কথা মানি ল’ব নিবিচাৰিলে। তেওঁ এতিয়াও ভাবে যে ‘ফাৰাওৰ অভিশাপ’ৰ ফলতে তেওঁৰ লগত এইসমূহ ঘটিল।

    উল্লেখ্য যে ১৯২২ চনতো ব্ৰিটিছ পুৰাতত্ববিদ হাৱাৰ্ড কাৰ্টাৰৰ নেতৃত্বত চলোৱা অভিযানকাৰী দল এটাৰো একেধৰণৰ দশা হৈছিল। বিখ্যাত 'টুটানখামেনৰ সমাধি’ আৱিষ্কাৰৰ বাবে তেওঁলোকে এক অভিযানত নামি পৰিছিল। কাৰ্টাৰৰ অভিযানকাৰী দলৰ কিছু সদস্যই সমাধিস্থলত প্ৰৱেশ কৰাৰ লগে লগে ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

    যীশু খ্ৰীষ্টৰ জন্মৰ ১৩২৩ বছৰ আগতে টুটানখামেনৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা হয়। তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ। অক্ষত অৱ্স্থাত থকা টুটানখামেনৰ সমাধিস্থলত প্ৰৱেশ কৰি কাৰ্টাৰৰ দলটোৱে কেইবাটাও মূল্যৱান সামগ্ৰীৰ সৈতে টুটানখামেনৰ মাম্মীটো পাইছিল। তাত আছিল ছবি, খোদিত ফলক, ধৰ্মীয় সঁজুলি।

    টুটানখামেনৰ সমাধিৰ বিষয়ে কেইবাজনো লেখকে কিছুমান ৰোমাঞ্চকৰ কাহিনী লিখিছে। সমাধিটোক আগুৰি থকা ‘অভিশাপ’ৰ বিষয়েও তেওঁলোকে উল্লেখ কৰিছে। টুটানখামেনৰ সমাধি আৱিষ্কাৰ হোৱাৰ পিছতে কাৰ্টাৰৰ দলৰ কেইবাজনো সদস্যৰ ৰহস্যজনকভাৱে মৃত্যু হয়। কাৰ্টাৰ দলৰ সদস্য আলী কামেল ফাহমি বেক ১৯২৩ চনত নিজৰ পত্নীয়েই হত্যা কৰে।

    ১৯২৪ চনত কাৰ্টাৰৰ দলৰ ডগলাছ ৰিডৰো হঠাতে মৃত্যু হয়। তেওঁ টুটানখামেনৰ মাম্মীৰ এক্স-ৰে কৰিলে। কাৰ্টাৰৰ দলৰ আন এজন সদস্য আৰ্থাৰ মেইছৰ ১৯২৮ চনত আৰ্ছেনিক বিষক্ৰিয়াত মৃত্যু হয়। ১৯২৯ চনত কাৰ্টাৰৰ সম্পাদক ৰিচাৰ্ড বেথেলৰ টোপনিতে মৃত্যু হয়।

    অৱশ্যে কাৰ্টাৰে নিজেই এই ‘অভিশাপ তত্ত্ব’ত কেতিয়াও বিশ্বাস কৰা নাছিল। তেওঁ বাৰে বাৰে দাবী কৰিছিল যে মৃত্যুৰ লগত ‘মাম্মীৰ অভিশাপ’ৰ কোনো সম্পৰ্ক নাই। কিন্তু ১৯৩৯ চনৰ মাৰ্চ মাহত তেওঁৰো অকাল মৃত্যু হয়। বয়স আছিল ৬৪ বছৰ। তেওঁৰ কেন্সাৰ হোৱা বুলি কোৱা হয়।

    কাৰ্টাৰৰ মৃত্যুৰ পিছত পুনৰ জল্পনা-কল্পনা আৰম্ভ হয়। সমাজৰ এক বৃহৎ অংশই 'অভিশাপ’ তত্ত্বৰ সমৰ্থন কৰে। ৰোমানীয়েও একে দাবী কৰিছে।